নতুন বছৰত ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে তেন্তে স্পাইচজেটে আপোনালৈ আনিছে ভাল খবৰ। নতুন বছৰত আপোনাক মাত্ৰ ১১২২ টকাতে বিমান যাত্ৰাৰ সুবিধা প্ৰদান কৰিছে স্পাইচ জেটে। স্পাইচ জেট (SpiceJet) WOW Winter Sale ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে যিটো ৩১ ডিচেম্বৰলৈ চলিব। যাত্ৰীসকলে মাত্ৰ ১১২২ টকাত ঘৰুৱা বিমানযাত্ৰাৰ সুবিধা ল’ব পাৰিব। এই অফাৰ ১৫ জানুৱাৰীৰ পৰা ১৫ এপ্ৰিলৰ ভিতৰৰ যাত্ৰাৰ বাবে।
কোম্পানীৰ এই ছেল অফাৰ যাত্ৰাৰ তাৰিখৰ কমেও ১৫ দিন পূৰ্বে কৰা বুকিঙৰ বাবেহে প্ৰযোজ্য হ’ব। ইমানেই নহয়, যদি আপুনি ট্ৰেভেল প্লেন কৰে তেন্তে ছেল ফেয়াৰ বুকিংছ (fare sale bookings)ত এবাৰ বিনামূলীয়াকৈ ডেট চেঞ্জ কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে ডিপাৰ্চাৰ ডেটতকৈ কমেও দুদিন পূৰ্বে ৰিকুৱেষ্ট কৰিব লাগিব।
স্পাইচ জেটে WOW Winter Saleৰ যোগেদি ঘৰুৱা নেটৱৰ্কত চেন্নাই–বেংগালুৰু, বেংগালুৰু–চেন্নাই, চেন্নাই–হায়দৰাবাদ, জম্মু–শ্ৰীনগৰৰ দৰে গন্তব্য স্থানলৈ ১১২২ টকাৰ পৰা যাত্ৰাৰ সুযোগ আগবঢ়াইছে। স্পাইচ জেটৰ ৱেবছাইটত এই সন্দৰ্ভত উল্লেখ কৰা হৈছে।
লগতে আগন্তুক যাত্ৰাৰ বাবে ৫০০ টকাৰ ফ্ৰী ফ্লাইট ভাউচাৰো (free flight voucher) আগবঢ়াইছে। ইয়াক ১৫ৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত কৰিব লাগিব। এয়া ৩০ ডিচেম্বৰ ২০২২লৈ যাত্ৰাৰ বাবে ভেলিড হ’ব। কিন্তু ইয়াৰ সুবিধা গ্ৰহণৰ বাবে ডিপাৰ্চাৰ ডেটৰ কমেও ১৫ দিন পূৰ্বে বুকিং কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|