உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • SpiceJet Monsoon Cell: ৮৮৮ টকাত কৰক বিমান যাত্ৰা, এনেকৈ বুকিং কৰক সূলভমূল্যৰ টিকট

    SpiceJet Monsoon Cell: ৮৮৮ টকাত কৰক বিমান যাত্ৰা, এনেকৈ বুকিং কৰক সূলভমূল্যৰ টিকট

    কম মূল্যৰ এয়াৰলাইন স্পাইছজেট (Spicejet)য়ে ঘৰুৱা আৰু আন্তৰ্জাতিক উৰণৰ বাবে মনছুন ছেল (Monsoon Sale)ৰ ঘোষণা কৰিছে।

    কম মূল্যৰ এয়াৰলাইন স্পাইছজেট (Spicejet)য়ে ঘৰুৱা আৰু আন্তৰ্জাতিক উৰণৰ বাবে মনছুন ছেল (Monsoon Sale)ৰ ঘোষণা কৰিছে।

    কম মূল্যৰ এয়াৰলাইন স্পাইছজেট (Spicejet)য়ে ঘৰুৱা আৰু আন্তৰ্জাতিক উৰণৰ বাবে মনছুন ছেল (Monsoon Sale)ৰ ঘোষণা কৰিছে।

    • Share this:
      কম মূল্যৰ এয়াৰলাইন স্পাইছজেট (Spicejet)য়ে ঘৰুৱা আৰু আন্তৰ্জাতিক উৰণৰ বাবে মনছুন ছেল (Monsoon Sale)ৰ ঘোষণা কৰিছে। SpiceJet Monsoon Celৰ আধাৰত ঘৰুৱা বিমানৰ টিকট প্ৰাৰম্ভিক মূল্য ৮৮৮ টকা যদিও ইণ্টাৰনেচনেল ডেষ্টিনেচনৰ বাবে ৩,৪৯৯ টকাৰ পৰা আৰম্ভ হৈছে টিকটৰ মূল্য। ছেল ২ জুলাই অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে আৰু ৬ জুলাইলৈ অব্যাহত থাকিব।

      কেতিয়ালৈ লাভ কৰিব যাত্ৰাৰ সুবিধা

      SpiceJet Monsoon Celৰ আধাৰত ২০১৯ৰ ২৫ ছেপ্টেম্বৰলৈ লাভ কৰিব এই সূলভমূল্যৰ টিকটৰ সময়সীমা। বিমান ইন্ধন এটিএফৰ মূল্যৰ ৫.৮ শতাংশলৈ হ্ৰাস কৰাৰ সময়তে এই ছেলৰ ঘোষণা কৰা হৈছে।



      নিয়মাৱলী তথা চৰ্তাৱলী
      >> এই অফাৰ আটাইকেইটা চেনেলৰ মাধ্যমেৰে টিকট বুকিং কৰিব পাৰিব।
      >> ৰেহাই কেৱল একপক্ষীয় ভাড়াতহে জাৰি হ’ব।
      >> এই অফাৰ অন্য অফাৰৰ সৈতে সংযুক্ত কৰিব নোৱাৰি আৰু গ্ৰুপ বুকিঙৰ ক্ষেত্ৰটো বলবৎ কৰা নহয়।
      >> স্বাভাৱিক বাতিল চাৰ্জৰ সৈতে ভাড়া পুনৰ ঘূৰাই দিয়া হ’ব।
      >> এয়া Promo non-stop উৰণৰ বাবে বলবৎ।
      >> টিকট প্ৰথমে আহক, প্ৰথমে লওক আধাৰত উপলব্ধ।
      >> ব্লেক–আউট ডেট্ছ বলবৎ।



      ৫০ শতাংশ ডিছকাউণ্ট
      ইয়াৰোপৰি স্পাইছজেট মেগা মনছুন ছেলৰ আধাৰত ছীট, খাদ্য, স্পাইছমেক্স আৰু অন্য সামগ্ৰীসমূহত ৫০ শতাংশ ডিছকাউণ্টো অফাৰ কৰি আছে। ইয়াৰ লাভ উঠাবলৈ যাত্ৰীসকলে AMEX50 প্ৰমো কোড ব্যৱহাৰ কৰিব লাগিব। স্পাইছমেক্স ছীটৰ বাবে আমেৰিকান এক্সপ্ৰেছ কাৰ্ডেৰে পেমেণ্ট কৰিলে ৫০০ টকালৈ ৰেহাই পাব।

      স্পাইছজেট ভেকেচন অফাৰ
      স্পাইছজেট ভেকেচন অফাৰৰ আধাৰত স্পাইছজেট মোবাইল এপেৰে বিমানৰ টিকট বুকিং কৰিলে ১০০০ টকা ডিছকাউণ্টৰ হোটেল কোপন লাভ কৰিব। এই কোপন গ্ৰাহকৰ ই–মেইলত প্ৰেৰণ কৰা হয়। এই অফাৰ ২০১৯ৰ ৩১ আগষ্টলৈ উপলব্ধ।

       
      First published: