চাকৰি গুচি গ’লেও চিন্তা নকৰিব! মোদী চৰকাৰৰ এই আঁচনিৰে ২বছৰলৈকে পাব দৰমহা, জানক কেনেকৈ?

News18 Assam | News18-Assam
Updated:May 12, 2020, 8:11 PM IST
চাকৰি গুচি গ’লেও চিন্তা নকৰিব! মোদী চৰকাৰৰ এই আঁচনিৰে ২বছৰলৈকে পাব দৰমহা, জানক কেনেকৈ?
প্ৰতীকি ফটো

কোৰোণা সংকটক লৈ দেশৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সময়তে দেশত এনে কোনো উদ্যোগ নাই যি ক্ষতিগ্ৰস্ত হোৱা নাই। চাকৰিক লৈ সংকট প্ৰতিটো উদ্যোগত বিদ্যমান। আপোনাৰো যদি নিজৰ চাকৰিক লৈ সংকটৰ সৃষ্টি হৈছে তেনেহ’লে পঢ়ক এই প্ৰতিবেদন। 

  • Share this:
নতুন দিল্লীঃ কোৰোণা সংকটক লৈ দেশৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সময়তে দেশত এনে কোনো উদ্যোগ নাই যি ক্ষতিগ্ৰস্ত হোৱা নাই। চাকৰিক লৈ সংকট প্ৰতিটো উদ্যোগত বিদ্যমান। কোনো কোম্পানীয়ে মানুহক চাকৰিৰ পৰা উলিয়াইছে আৰু ক’ৰবাত কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হৈছে। আপোনাৰো যদি চাকৰিক লৈ সংকটৰ সৃষ্টি হৈছে তেনেহ’লে এই খবৰ আপোনাৰ কাৰণে। দৰাচলতে কেন্দ্ৰ চৰকাৰে এনে এক স্কীম আছে যাৰ জৰিয়তে নিবনুৱা হ’লে কৰ্মচাৰীয়ে ২৪মাহ পৰ্যন্ত বেতন পাই থাকিব। জানক এই আঁচনিৰ বিষয়ে।

দুবছৰলৈকে আৰ্থিক সাহাৰ্যঃ

মোদী চৰকাৰে এই আঁচনিৰ নাম দিছে ‘অটল বীমিত ব্যক্তি কল্যাণ’ (“Atal Beemit Vyakti Kalyaan”)। এই আঁচনিৰ অধীনত চাকৰি গ’লে চৰকাৰে আপোনাক দুবছৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব। নিবনুৱা ব্যক্তিক বিগত ৯০দিনৰ গড় উপাৰ্জনৰ ২৫শতাংশৰ সমান প্ৰদান কৰা হ’ব। এই আঁচনিৰ লাভ সেইসকল ব্যক্তিয়েহে ল’ব পাৰিব যিসকল ইএছআইচিৰ বীমাৰ অধীনত আৰু দুবছৰৰ অধিক সময় চাকৰি কৰিছে। ইয়াৰ লগতে বেংক একাউণ্টৰ ডাটা বেছৰ সৈতে আধাৰ সংলগ্ন হোৱাটো জৰুৰী।

আঁচনিৰ কাৰণে এনেকৈ কৰক পঞ্জীয়ন

যদি আপুনি এই আঁচনিৰ লাভ উঠাব বিচাৰে তেনেহ’লে প্ৰথমে ESICৰ ৱেবছাইটত গৈ অটল বীমিত ব্যক্তি কল্যাণ যোজনাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অধিক জানিবলৈঃ https://www.esic.nic.in/attachments/circularfile/93e904d2e3084d65fdf7793e9098d125.pdf লিংকত ক্লিক কৰক।

এইসকল লোকে নাপায় আঁচনিৰ লাভ

উল্লেখযোগ্য যে, আচৰণগত সমস্যাৰ কাৰণে কোম্পানীৰ পৰা উলিয়াই দিয়া লোকসকলে এই আঁচনিৰ লাভ উঠাব নোৱাৰিব। লগতে অপৰাধী গোচৰ ৰুজু হ’লে বা স্বেচ্ছামূলক অৱসৰ (VRS) লোৱা কৰ্মচাৰীসকলে এই আঁচনিৰ লাভ গ্ৰহণ কৰিব নোৱাৰে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading