Gold Price: কোৰোণাকালীন এই সময়ত যদিহে আপুনি সোণত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে আপোনাৰ বাবে এক সুবৰ্ণ সুযোগ। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে সাৰ্বভৌম গ'ল্ড বণ্ড (Sovereign gold bond)ৰ প্ৰথম বিক্ৰী ১৭ মে' অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ'ব আৰু অনাগত ৫টা দিন ধৰি চলিব এই সুবিধা। অৰ্থাৎ ৫ দিনৰ বাবে আপুনি বজাৰতকৈ মূল্যতকৈ কম মূল্যত সোণ ক্ৰয়ৰ সুবিধা লাভ কৰিব। আইডিবিআই বেংক (IDBI Bank )ৰ তৰফৰ পৰা গ্ৰাহকসকলক এই বিশেষ অফাৰ দি থকা হৈছে।
বিত্ত মন্ত্ৰণালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰিছে যে মে' আৰু ছেপ্টেম্বৰৰ ভিতৰত ছয়টা কিস্তিত সাৰ্বভৌম গ'ল্ড বণ্ড জাৰি কৰা হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে ইয়াৰ বাবে প্ৰতি গ্ৰামত ৪,৭৭৭ টকা মূল্য নিৰ্ধাৰণ কৰাৰ লগতে অনলাইন আবেদনকাৰীৰ বাবে ৰাখিছে বিশেষ সুবিধা। যিসকলে ইয়াৰ বাবে অনলাইন আবেদন কৰিব আৰু ডিজিটেল পৰিশোধৰ জৰিয়তে পৰিশোধ কৰিব তেওঁলোকক প্ৰতি গ্ৰামত ৫০ টকাৰ ৰেহাই দিয়া হ'ব।
আইডিবিআই বেংক ( IDBI Bank )য়ে দি আছে সস্তাতে সোণ ক্ৰয়ৰ সুযোগ :আইডিবিআই বেংকৰ দ্বাৰা এখন ফটো মুকলি কৰা হৈছে, য'ত বেংকে সস্তাতে সোণ ক্ৰয়ৰ বিষয়ে অৱগত কৰিছে। যদিও এই সোণ ক্ৰয়ৰ বাবে কৰা আবেদন কমেও ১ গ্ৰাম আৰু ইয়াৰ একাধিকত জাৰি কৰা হ'ব। বণ্ডৰ মূল্য ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েচন লিমিটেডৰ দ্বাৰা দিয়া ৯৯৯ বিশুদ্ধতা সোণৰ গড় সমাপ্তি মূল্যৰ আধাৰত কৰা হৈছে।
কি এই সাৰ্বভৌম গ'ল্ড বণ্ড কি?সাৰ্বভৌম গ'ল্ড বণ্ড হৈছে এক চৰকাৰী বন্ধন। ইয়াক ডেমেটলৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াৰ মূল্য টকা বা ডলাৰত নহয়, সোণৰ ওজনৰ ওপৰত কৰা হয়। যদি বণ্ডটো পাঁচ গ্ৰাম সোণৰ কৰা হয়, তেন্তে পাঁচ গ্ৰাম সোণৰ মূল্য বণ্ডৰ মূল্যৰ সমান হ'ব। এই বণ্ডটো ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু চৰকাৰৰ দ্বাৰা জাৰি কৰিছে। চৰকাৰে ২০১৫ চনৰ নৱেম্বৰত সাৰ্বভৌম গ'ল্ড বণ্ড আঁচনিৰ আৰম্ভ কৰিছিল।
ক'ৰ পৰা ল'ব পাৰিব সোণ?
মন্ত্ৰণালয়ৰ মতে, এই বণ্ড সকলো বেংক, ষ্টক হোল্ডিং কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড (SHCIL), ডাকঘৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক এক্সচেঞ্জ (Stock Exchanges), NSE আৰু BSE জৰিয়তে বিক্ৰী কৰা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|