সঁচাকৈ! ভাগ্যই কেতিয়া কাক লগ দিয়ে কোনেও নাজানে। ৰাতিটোৰ ভিতৰতে সলনি হৈ পৰিল এগৰাকী ট্ৰেক্টৰ চালকৰ ভাগ্য। এটা লটাৰি টিকটে সলনি কৰিলে পশ্চিমবংগৰ অনুপ সৰকাৰ নামৰ ট্ৰাক চালকজনৰ। ৬০ টকাৰ টিকটলৈ জিকিলে কোটি টকা।
আন পাঁচজন লোকৰ দৰেই তেওঁ নিজৰ ভাগ্য জুখিবলৈ বুধবাৰে পুৱা ১০টাকৈ নগদ ৬০ টকা দি নাগালেণ্ড ৰাজ্য চৰকাৰৰ লটাৰী কাটিছিল। আৰু ফলাফলৰ সময়ত যেতিয়া নিজৰ নাম ফলাফল পৃষ্ঠাৰ প্ৰথম শাৰীত দেখে, নিজৰ চকুৰেই তেওঁ বিশ্বাস কৰিব পৰা নাছিল। পিছত তেওঁ বিক্ৰেতাৰ আশ্বাসত মানি লৈ কোটি টকা জয় কৰাৰ কথা।
কিন্তু কোটি কোটি টকা জিকাৰ পাছতো দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজন এতিয়া বিভ্ৰান্ত হৈ পৰিছে। কোটি টকা জিকাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁ নিৰাপত্তা বিচাৰি কুশমাণ্ডি আৰক্ষী থানাত আশ্ৰয় লয়। পিছত আৰক্ষীয়েও তেওঁৰ পৰিয়ালটোক যথা সম্ভৱ সুৰক্ষিত কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে। আৰক্ষীয়ে পিছত অনুপক কুশমাণ্ডি আৰক্ষী চকীলৈ লৈ আহিছিল আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল।
১ কোটি টকাৰ জিকাৰ পিছতে অনুপৰ পৰিয়ালত এতিয়া উচাহৰ ঢল। এই ধনেৰে পৰিয়ালটোৰ দৰিদ্ৰতা দূৰি হব বুলি বিশ্বাস কৰিছে তেওঁলোকে। অনুপৰ পৰিয়ালত আছে তেওঁৰ পত্নী, একমাত্ৰ পুত্ৰ আৰু মাক-দেউতাক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|