‘কৰ্মফল’ৰ কাৰণে অনিল কাপুৰৰ ঘৰত জন্ম লৈছো’, নেপ’টিজমক লৈ ট্ৰ’ল কৰোতাক সোনম কাপুৰৰ উত্তৰ

News18 Assam | News18-Assam
Updated:June 22, 2020, 3:36 PM IST
‘কৰ্মফল’ৰ কাৰণে অনিল কাপুৰৰ ঘৰত জন্ম লৈছো’, নেপ’টিজমক লৈ ট্ৰ’ল কৰোতাক সোনম কাপুৰৰ উত্তৰ
ফাইল ফটো

টুইটাৰত সোনম কাপুৰে ট্ৰ’ল কৰাসকলক উত্তৰ দি কয়, তেওঁ পিতৃ অনিল কাপুৰক লৈ গৰ্বিত আৰু তেওঁৰ কষ্টৰ কাৰণে নিজৰ কেৰিয়াৰ সেই পৰ্যায়লৈ নিছে। 

  • Share this:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে ছচিয়েল মিডিয়াত আৰম্ভ হৈছে হিন্দী ছবি উদ্যোগে নতুন তাৰকা আৰু তাৰকাৰ সন্তানৰ সৈতে কৰা আচৰণৰ বিদ্বেষ আৰু স্বজন প্ৰীতিৰ প্ৰসংগ। বাহিৰৰ পৰা আহি বলিউডত সংগ্ৰাম কৰোতাসকলে বলিউডৰ নামী নামসমূহৰ পৰা সন্মুখীন হোৱা তোষণ, নেপ’টিজমৰ প্ৰসংগক লৈ ক্ষুব্ধ সাধাৰণ ৰাইজ। ছচিয়েল মিডিয়াৰ পৰা ক’ৰ্টৰ বাকৰিলৈ উঠিছে বলিউডৰ তাৰকা পৰিয়াৰ ইগ’ জৰ্জৰ একপক্ষীয় শোষণৰ কথা।

এই প্ৰসংগত বহুতেই অভিনেত্ৰী তথা অনিল কাপুৰৰ কন্যা সোনম কাপুৰকো বেয়াকৈ ট্ৰ’ল কৰাৰ পিছত দেওবাৰে সোনমে ছচিয়েল মিডিয়াত পোৱা একাংশ মেচেজৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে।



অভিনেত্ৰীগৰাকীয়ে ট্ৰ’ল কৰাসকলক উত্তৰ দি কয়, "আজি পিতৃ দিৱসৰ দিনা মই এটা কথা ক’ব বিচাৰিছো। হয়, মই মোৰ দেউতাৰ ছোৱালী আৰু মই ইয়াত আহি পাইছো কাৰণে মোৰ বিশেষ সুবিধা আছে। সেয়া বিদ্ৰুপ নহয়, মোৰ দেউতাই বহুত কষ্ট কৰিছে আৰু মোক এইখিনি দিছে। মোৰ কৰ্মফল যে মই ক’ত জন্ম হৈছো আৰু কাৰ ঘৰত জন্ম হৈছো। মই গৰ্বিত মই দেউতাৰ কন্যা।"




পিছে আকৌ এবাৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে আৰু মানুহে অভিনেত্ৰীগৰাকীক উভতি ধৰিছে।



 

 

First published: June 22, 2020, 3:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading