KBC11: ৰামায়ণত হনুমানে কাৰ কাৰণে সঞ্জীৱনী আনিছিল? ক’ব নোৱাৰিলে সোণাক্ষী সিনহাই

ঘৰতে ৰামায়ণ অথচ সোণাক্ষীয়ে নাজানে ৰামায়ণৰ সৰু এটি কথা!

News18
Updated:September 21, 2019, 1:17 PM IST
KBC11: ৰামায়ণত হনুমানে কাৰ কাৰণে সঞ্জীৱনী আনিছিল? ক’ব নোৱাৰিলে সোণাক্ষী সিনহাই
ঘৰতে ৰামায়ণ অথচ সোণাক্ষীয়ে নাজানে ৰামায়ণৰ সৰু এটি কথা!
News18
Updated: September 21, 2019, 1:17 PM IST
ছচিয়েল মিডিয়াই কোনো চেলিব্ৰেটিক ট্ৰ’ল কৰাৰ এটাও সুযোগ অথলে যাবলৈ নিদিয়ে! বিশেষকৈ চেলিব্ৰেটিগৰাকী যদি বলিউডৰ হয় তেনেহ’লে কথাই নাই! আলিয়া ভাটক লৈ নানান ধৰণৰ ৰগৰ চলি থকাৰ মাজতে  এইবাৰ ট্ৰ’ল বাহিনীয়ে চেলু পালে অভিনেত্ৰী সোণাক্ষী সিনহাক আক্ৰমণ কৰাৰ। কাৰণটো ৰামায়ণক লৈ সোণাক্ষীৰ অজ্ঞতা। কৌন বনেগা কৰৌৰপতি চিজন ১১ত অমিতাভ বচ্চনৰ সন্মুখত বিশেষ অতিথিৰূপে বহা সোণাক্ষী সিনহা আৰু তেওঁৰ সহযোগীক বিগ বি–এ সুধিছিল যে হনুমানে কাৰ কাৰণে সঞ্জীৱনী আনিবলৈ গৈছিল? এই প্ৰশ্নৰ উত্তৰ সোণাক্ষীয়ে দিব নোৱাৰিলে আৰু ইয়াৰ পিছতে ধাৰাসাৰ ট্ৰ’ল হৈছে সোণাক্ষী।

সোণাক্ষীৰ সন্মুখত চাৰিটা বিকল্প দিয়া হৈছিল, এ–সুগ্ৰীৱ, বি–লক্ষ্মণ, চি–সীতা আৰু ডি–ৰাম। সোণাক্ষী সিনহাই ইয়াৰ উত্তৰ নজনাৰ কাৰণে নিজৰ এটা লাইফলাইন ব্যৱহাৰ কৰে আৰু তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈ পৰে। তেওঁ ৰাজস্থানৰ বাৰমেৰৰ ৰুমা দেৱীক সহায় কৰিবলৈ কেবিচিত আহিছিল। কেইটামান প্ৰশ্নৰ উত্তৰ তেওঁ দিয়ে কিন্তু পচলাত যেন দাঁত ভাঙিবলগীয়া আছিল। ৰুমা দেৱীয়ে ১২লাখ ৫০হাজাৰ টকাহে জিকিবলৈ সক্ষম হয়।

এজন ট্ৰ’লাৰে লিখিছে,
পিতৃৰ নাম শত্ৰুঘ্ন, পিতৃৰ ভাতৃকেইজনৰ নাম ৰাম, লক্ষ্মণ, ভৰত আৰু দুই ভাতৃৰ নাম লৱ আৰু কুশ। নিজে তেওঁ মহিলা শিক্ষা আৰু বেটি বাচাও পঢ়াওৰ ধ্বজাবাহক কিন্তু তেওঁ এইখিনিয়ে নাজানে যে হনুমান জীয়ে কাৰ কাৰণে সঞ্জীৱনী আনিছিল!




আন এজন ট্ৰ’লাৰে লিখিছে,
এইমাত্ৰ মই সোণাক্ষী সিনহাৰ ক্লিপটো চালো। যিজন বিশেষজ্ঞই উত্তৰ দিছে তেওঁক অভিবাদন। যিধৰণে তেওঁ সোণাক্ষী সিনহাৰ মুখত তেওঁৰ মুৰ্খামিক লৈ মৰমেৰে চৰ শোধাইছে সেয়া প্ৰশংসনীয়। মই তেওঁৰ নাম নাজানো যদি আপুনি জানে অনুগ্ৰহ কৰি জনাব।


ট্ৰ’লাৰ সকলে এনেদৰে বিভিন্ন ঠাট্টাসূচক মন্তব্য লিখি ইয়াৰ লগত সোণাক্ষী সিনহা, কেবিচি ২০১৯ আৰু কেবিচি ১১ হেচটেগ লগাইছে।

লাইফ লাইনৰ সহায় লৈহে ৰক্ষা!


অমিতাভ বচ্চনেও সোণাক্ষী সিনহাক কৰিলে সচকিত

এই সাধাৰণ প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰা সোণাক্ষীক অমিতাভ বচ্চনেও সচকিত কৰে। উল্লেখযোগ্য যে সোণাক্ষী সিনহাৰ পিতৃৰ নাম শত্ৰুঘ্ন, পিতৃৰ ভাতৃকেইজনৰ নাম ৰাম, লক্ষ্মণ, ভৰত আৰু দুই ভাতৃৰ নাম লৱ আৰু কুশ। নিজৰ ঘৰতে ৰামায়ণ অথচ অভিনেত্ৰীগৰাকীয়ে নাজানে ৰামায়ণৰ এই সাধাৰণ কথা।

উল্লেখযোগ্য যে সোণাক্ষীয়ে শেহতীয়াকৈ ব্যৱসায়িকভাৱে সফল মিছন মংগল ছবিত অভিনয় কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি