‘ডাবাং–৩ ৰ উপাৰ্জনতকৈ এতিয়া CAAৰ বিষয়টো বেছি গুৰুত্বপূৰ্ণ’

News18 Assam | News18-Assam
Updated:December 25, 2019, 4:02 PM IST
‘ডাবাং–৩ ৰ উপাৰ্জনতকৈ এতিয়া CAAৰ বিষয়টো বেছি গুৰুত্বপূৰ্ণ’
Source-Google

নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা

  • Share this:
সমগ্ৰ দেশতে তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনখনক কেন্দ্ৰ কৰি এতিয়া দুভাগত বিভক্ত হৈ পৰিছে বলীউদ। বহু অভিনেতা অভিনেত্ৰী ৰাজপথলৈও ওলাই আহিছে। এইবাৰ নাগৰিকত্ব সংশোধনী আইনখনৰ তীব্ৰ বিৰোধিতা কৰে অভিনেত্ৰী সোণাক্ষী সিনহাই।



বিতৰ্কিত বিলখনক লৈ দেশত আন্দোলন প্ৰতিবাদ অব্যাহত থকাৰ ,সময়তে মুক্তি লাভ কৰিলে ছলমান খান আৰু সোণাক্ষী সিনহা অভিনীত ডাবাং–৩। ডাবাং–৩ ৰ উপাৰ্জনক লৈ সোণাক্ষী সিনহাক কৰা প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘ডাবাংগ-৩ ৰ প্ৰথম দিনটোৰ উপাৰ্জনৰ কথা চৰ্চা কৰাতকৈ নাগিৰকত্ব সংশোধনী আইনৰ বিৰোধিতা সন্দৰ্ভত চৰ্চা কৰাটো এই সময়ত বেছি গুৰুত্বপূৰ্ণ। জনতাই জানে কি এতিয়া কি অধিক গুৰুত্বপূৰ্ণ। কিন্তু ছবিখনক লৈ মানুহৰ যি প্ৰতিক্ৰিয়া তাক লৈ মই যথেষ্ট সুখী। বৰ্তমান সমগ্ৰ দেশে ‘কা’ৰ বিৰুদ্ধে একজোঁট হৈ থিয় দিছে আৰু ছবিখনৰ তুলনাত ই অধিক গুৰুত্বপূৰ্ণ।’
আৰু চাওক
পৰৱৰ্তী বাতৰি