কোৰোণা সংকটৰ বাবে এইবাৰ অম্বুবাচী মেলাত দেখিবলৈ পোৱা নাযাব কোনো ধৰণৰ ভক্তৰ সমাগম। কিন্তু নীতি-নিয়ম অনুসৰিয়েই পালন কৰা হ’ব অম্বুবাচী মেলা। ২১ জুন তাৰিখে নিশা ১১ বাজি ৪৪ মিনিট ৫৭ ছেকেণ্ডত আৰম্ভ হ’ব অম্বুবাচীৰ প্ৰবৃত্তি। অহা ২৫ জুনত অন্ত পৰিব অম্বুবাচী।
ইফালে অম্বুবাচী মেলাৰ প্ৰথম দিনাই অৰ্থাত্ কাইলৈ বলয় সূৰ্যগ্ৰহণ। অসম তথা উত্তৰ-পূৱৰ চাৰি স্থানত দেখা পোৱা যাব এই সূৰ্যগ্ৰহণ। অসমৰ গুৱাহাটী, ডিব্ৰুগড়, শিৱসাগৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ দেখিবলৈ পোৱাৰ লগতে উত্তৰ-পূৱৰ অন্যান্য ৰাজ্যৰো প্ৰান্তে প্ৰান্তে ইয়াৰ প্ৰভাৱ দেখা যাব। গুৱাহাটীত সূৰ্যগ্ৰহণ আৰম্ভ হ’ব পুৱা ১০.৫৭ বজাত। অন্ত পৰিব বিয়লি ৩.২৭ বজাত।
কি কয় জ্যোতিষীয়ে?এইবাৰৰ সূৰ্যগ্ৰহণক অলপ ব্যতিক্ৰমী ৰূপত চাইছে দেশৰ জ্যোতিষীসকলে। একাংশ জ্যোতিষীৰ মতে, এটা সূৰ্যগ্ৰহণৰ লগত অহা কোৰোণা ভাইৰাছৰ প্ৰভাৱ লাহে লাহে শেষ হ’ব ২১ জুনৰ সূৰ্যগ্ৰহণৰ পিছত।
জ্যোতিষীৰ মতে ২১ জুনৰ পিছত দেশলৈ আহিব ভাল দিন। ২১ তাৰিখৰ হ’বলগীয়া সূৰ্যগ্ৰহণক ‘কংকন’ সূৰ্যগ্ৰহণ বুলি কৈছে জ্যোতিষীয়ে। সেইদৰে ২১ জুনতে সূৰ্য মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশিৰ ৰেখালৈ প্ৰৱেশ কৰিব। গতিকে ২১ তাৰিখৰ পৰা কিছু সুস্থিৰ হ’ব পৰিৱেশ। লগতে আচৰিত ধৰণে প্ৰভাৱ কমিব কোৰোণা ভাইৰাছৰ। ইফালে আগষ্ট মাহৰ পৰা প্ৰায় কোৰোণা মুক্ত হৈ পৰিব বিশ্ব।
কিন্তু আন একাংশৰ মতে, অম্বুবাচীৰ প্ৰবৃত্তিৰ দিনাই আৰম্ভ হ’বলগীয়া বলয় সূৰ্যগ্ৰহণ অশুভৰ প্ৰতীক। এনে সূৰ্যগ্ৰহণে পৃথিৱীৰ বাবে কঢ়িয়াই আনে অশুভ বাৰ্তা। ৰজাই প্ৰজাক নমনা হয়। লগতে জ্যোতিষীয়ে গ্ৰহণ লগাৰ পূৰ্বেই ৰন্ধা-বঢ়া কৰি খাবলৈ কৈছে।’
(অন্ধ বিশ্বাস বিয়পোৱা আমাৰ লক্ষ্য নহয়, কেৱল জ্যোতিষীয়ে কোৱা কথাখিনিহে তুলি ধৰা হৈছে।)
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 20, 2020, 10:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।