• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Social Media Post on Kids: সন্তানৰ মিঠা মিঠা ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি ভুলতে বিপদ মাতি অনা নাইতো...

Social Media Post on Kids: সন্তানৰ মিঠা মিঠা ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি ভুলতে বিপদ মাতি অনা নাইতো...

শিশুটিৰ সকলো ফটো, ভিডিঅ' আৰু তথ্য ছচিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব! (সাংকেতিক ছবি)

শিশুটিৰ সকলো ফটো, ভিডিঅ' আৰু তথ্য ছচিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব! (সাংকেতিক ছবি)

Social Media Post on Kids: আপোনাৰ সন্তান বা আন শিশুক লৈ ছচিয়েল মিডিয়াত ভুলতো নকৰিব এনে কাম, পৰিণাম ভূগিব লাগিব আপোনাৰ সন্তানেই...

  • Share this:
ছচিয়েল মিডিয়া (Social Media) আমাৰ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে ৷ ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত ভাল-বেয়া, আনন্দ -দুখ, আৱেগ-অনুভূতি এই সকলো বোৰ শ্বেয়াৰ কৰাৰ মাধ্যম হৈ পৰিছে ৷ দৰাচলতে ছচিয়েল মিডিয়াই যান্ত্ৰিক জীৱনত (Mechanical Life) এজাক মুকলি বতাহৰ  দৰে কাম কৰে ৷

কিন্তু ছচিয়েল মিডিয়া সঁচাকৈ ইমানেই ভালনে, ইয়াৰ পৰা একো বিপদ-আপদ হোৱাৰ আশংকা নায়েই নেকি ! গতিকে সকলোৱে যি কোনো বিষয়ৰ ওপৰত ছচিয়েল মিডিয়াত কিবা ছেয়াৰ কৰাৰ আগতে সাৱধান হোৱা উচিত ৷ আজিকালি বহুলোকে ছ'চিয়েল মিডিয়াত শিশুৰ ৰঙীন মুহূৰ্তবোৰ শ্বেয়াৰ কৰে (Post on Kids) যিয়ে শিশুটোক বিপদত পেলাব পাৰে ৷ দৰাচলতে, ছচিয়েল মিডিয়া প্ৰাপ্তবয়স্কসকলৰ বাবেতো সুৰক্ষিত নহয়েই আনকি সৰু ল'ৰা- ছোৱালীবোৰৰ বাবেও সুৰক্ষিত নহয় ! গতিকে ছচিয়েল মিডিয়াত বিশেষকৈ এটি শিশুৰ বিষয়ে যিকোনো কথা শ্বেয়াৰ কৰাৰ আগতে সাৱধান হ'ব। শিশু এটিৰ বিষয়ে কোনবোৰ তথ্য ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাটো সঠিক নহয় জানোঁ আহক।

সন্তানৰ বিষয়ে কোনো পোষ্ট :

আমি প্রায় সকলোৱেই জানোঁ যে ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ অর্থই হ'ল বিপদক আমন্ত্রণ জনোৱা। কাৰণ ফটো চুৰি কৰি অনেকেই তাৰ অপব্যৱহাৰ কৰিব পাৰে ৷ শিশুৰ  ক্ষেত্রটো একেই।  আচলতে শিশুসকলৰ বিষয়ে পিতৃ-মাতৃয়ে নানা সময়ত অনেক অনেক সংবেদনশীল তথ্য শ্বেয়াৰ কৰে ৷ সেই সসকো তথ্যও কিন্তু চুৰি হ'ব পাৰে ৷ সেয়ে নিজৰ সন্তানৰ ফটো শ্বেয়াৰ কৰাৰ আগতে সতৰ্ক হোৱাটো যিমান জৰুৰী সিমানেই জৰুৰী অন্য শিশুৰ সৈতে গ্ৰুপ ফটো শ্বেয়াৰ কৰাৰ পূৰ্বে তেওঁলোকৰ পিতৃ-মাতৃৰ অনুমতি লোৱাটো সমানেই জৰুৰী।

সন্তানৰ স্থান-ঠিকনা :

আপোনাৰ সন্তান ক'লৈ যায়, কোন ৰাস্তাৰে যায়, নাইবা কোন বিদ্যালয়ৰ কোন শ্ৰেণীত পঢ়ে- এনে তথ্য ভুলতো শ্বেয়াৰ নকৰিব ছচিয়েল মিডিয়াত। আনকি নিজৰ ঠিকনাও শ্বেয়াৰ কৰা নিৰাপদ নহয়। ইয়াৰ ফলতো সন্তানৰ বিপদ হ'ব পাৰে। এনে তথ্য শ্বেয়াৰ কৰিলে অপহৰণকাৰীয়ে ইয়াৰ সুবিধা ল'ব পাৰে।

সন্তানৰ  পোছাকবিহীন ছবি :

আপোনাৰ শিশুটিয়ে কেতিয়াবা চোলা-পেণ্টা আদি নিপিন্ধাকৈ থাকিব পাৰে, নাইবা কাপোৰ সলোৱাৰ সময় হৈছে- এনে মুহূৰ্তবোৰৰ ফটো ভুলতো ছচিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব। আমি প্ৰায়েই এনে মুহূৰ্তৰ ফটো বা ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিছোঁ। কিন্তু এইটো আচলতে মাৰাত্মক ভুল। এনে ফটো যদি কোনো দুষ্কৃতীৰ হাতত পৰে  তেন্তে তাৰ ফল ভূগিব লাগিব আপোনাৰ সন্তানেই। আচলতে কোনো বয়সৰ লোকৰেই পোছাকবিহীন ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাটোঁ নিৰাপদ নহয়।

শিশুৰ ব্যক্তিগত তথ্য :

শিশুৰ যি কোনো পৰিচয় পত্ৰ, শিশুটোৰ চিকিৎসা ৰেকৰ্ড আদিও শ্বেয়াৰ কৰিব নালাগে ছচিয়েল মিডিয়াত। কিয়নো এই তথ্য ইণ্টাৰনেট হেকাৰৰ হাতত থাকিলে, ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে। আৰু ই শিশুটোৰ বাবে যথেষ্ট বিপদা-শংকাৰ বিষয়।

শিশুটিৰ যিকোনো সমস্যা আৰু বদ অভ্যাস :

আপোনাৰ শিশুটিৰ কোনো মানসিক বা শাৰীৰিক সমস্যা থাকিব পাৰে,নাইবা কিবা বেয়া অভ্যাস থাকিব পাৰে, কিন্তু ইয়াক ছচিয়েল মিডিয়াত  শ্বেয়াৰ কৰাটো নিৰাপদ নহয়। ই শিশুটিৰ দুৰ্বলতা উন্মোচন কৰে। সেয়েহে শিশুটিক হেয় কৰিব পৰা কোনো কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিব নালাগে।

শিশুৰ পেনপেননি :

কেতিয়াবাআপোনাৰ  শিশুটিৱে কিবা কথাত পেনপেনাব পাৰে। তেনেধৰণৰ মুহূৰ্তবোৰ প্ৰায় এক মিঠা স্মৃতি হৈ থাকিব পাৰে, চাই আৰু শুনি ভাল লাগে। বহু লোকে এনে ধৰণৰ ভিডিঅ' ছচিয়েল মিডিয়াত নাইবা গ্ৰুপৰ মাজত শ্বেয়াৰ কৰে, যিটো আচলতে ভাল নহয়। এইবোৰে বহু লাইক, কমেণ্ট পাব পাৰে, কিন্তু ভৱিষ্যতে যেতিয়া সেই শিশুটোৱে নিজে এটা ছচিয়েল মিডিয়া একাউণ্ট খুলিব, তেতিয়া এইবোৰেই কৌতুক বা হাহিয়াতৰ কাৰণ হৈ পৰিব পাৰে।
Published by:Manjumoni Borah
First published: