‘পাইজামা’ পিন্ধি প্ৰতিদিনে ৯ ঘণ্টাকৈ শুই লাভ কৰক ১ লাখ টকা

News18 Assam | News18-Assam
Updated:November 29, 2019, 3:01 PM IST
‘পাইজামা’ পিন্ধি প্ৰতিদিনে ৯ ঘণ্টাকৈ শুই লাভ কৰক ১ লাখ টকা
Source-Google

শ্লিপ চল্যুশ্যন ষ্টাৰ্টআপ ‘ৱেকফিটে’ তেওঁলোকৰ ‘শ্লিপ ইণ্টাৰ্ণশ্বিপ-২০২০’ৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে

  • Share this:
১০০ দিন ৯ ঘণ্টাকৈ শুই  লাভ কৰক ১ লাখ পৰ্যন্ত টকা। শুই ভালপোৱা সকলৰ বাবে ভাৰতৰ এটা নতুন প্ৰতিষ্ঠানে  ইণ্টাৰ্ণশ্বিপৰ সুবিধা আগবঢ়াইছে। ‘Wakefit Innovations Pvt. Ltd. নামৰ এটা প্ৰতিষ্ঠানে ২০২০ বৰ্ষত ইণ্টাৰ্ণশ্বিপ কৰিবলৈ বিচাৰিছে  প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ। এই সম্পৰ্কে সেওঁলোকে সবিশেষ প্ৰকাশ কৰিছে তেওঁলোকৰ অফিচিয়েল ৱেবচাইটত। আনকি শুৱাৰ সময়ত ‘পাইজামা’ পিন্ধিব লাগিব বুলিও উল্লেখ কৰিছে প্ৰতিষ্ঠানটোৱে।

ইণ্টাৰ্ণশ্বিপৰ সময়ত কি কৰিব লাগিব

প্ৰতিষ্ঠানে পঠিওৱা মেট্ৰেছত ঘৰতে প্ৰতি দিনে ৯ ঘণ্টাকৈ ১০০ দিন শুব লাগিব।

মেট্ৰেছ খনে কিমান সময় শুইছে, কেতিয়া উঠিছে সকলো ট্ৰেক কৰিব।

ইণ্টাৰ্ণিসকলৰ মাজৰ পৰা ভালদৰে শুৱা জনক প্ৰতিষ্ঠানটোৱে ১ লাখ টকা প্ৰদান কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি