IPL 2021 : অধিনায়ক ঋষভ পণ্টক লৈ ব্যাপক চৰ্চা, এখন ভাইৰেল ফটোৱে কি কয়?

News18 Assam | News18-Assam
Updated:April 13, 2021, 3:23 PM IST
IPL 2021 : অধিনায়ক ঋষভ পণ্টক লৈ ব্যাপক চৰ্চা, এখন ভাইৰেল ফটোৱে কি কয়?
IPLত ঋষভ পন্তৰ চমক ! ক্ৰিকেটৰ দৌৰত দ্ৰুতগতিৰে আগবাঢ়িছে পন্ত।

IPLত ঋষভ পন্তৰ চমক ! ক্ৰিকেটৰ দৌৰত দ্ৰুতগতিৰে আগবাঢ়িছে পন্ত।

  • Share this:
অধিনায়ক হিচাপে দিল্লী কেপিটেলছক নেতৃত্ব প্ৰদানেৰে শনিবাৰে IPL প্ৰতিযোগিতাত প্ৰথমখন খেলত ধোনীৰ চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে জয়লাভ কৰি ব্যাপকভাৱে প্ৰশংসিত হৈছিল ঋষভ পন্ত ৷

বিগত কেইমাহমানৰ পৰাই অনুৰাগীৰ অতিকে প্ৰিয় হৈ পৰিছে ঋষভ পন্ত । বেটৰ সৈতে তেওঁৰ স্থিৰতা আৰু উন্নত উইকেট কিপিঙৰ দক্ষতাৰ বাবে তেওঁ সম্প্ৰতি ক্ৰিকেট টাউনৰ সবাতোকৈ চৰ্চিত নামৰ শাৰীত উপনীত হৈছে ।

শ্ৰেয়াছ আয়াৰে কান্ধত আঘাত লাভ কৰাৰ পিছতে যুৱ ক্ৰিকেটাৰগৰাকীয়ে IPL2021 ত দিল্লী কেপিটেলছক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিছে । অধিনায়ক হিচাপে পন্তৰ প্ৰথমখন IPL প্ৰতিযোগিতাতে শনিবাৰে অভিজ্ঞ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত শক্তিশালী চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল দলটো ৷

DCৰ অপেনাৰ পৃথ্বী শ্ব’ আৰু শিখৰ ধাৱানৰ বিস্ফোৰক বেটিঙৰ বাৰে CSK দ্বাৰা নিৰ্ধাৰিত ১৮৯ ৰাণৰ তীব্ৰ লক্ষ্যৰ পিছে পিছে দৌৰিবলৈ সক্ষম হৈছিল দলটো । শ্ব'য়ে ৩৮ টা বলত ৭২ ৰাণৰ আৰু ধাৱানে ৫৪ টা বলত ৮৫ ৰাণ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ অপেনিং যুটিটোৱেই ১৩৮ ৰাণ সংগ্ৰহ কৰিছিল আৰু এনেদৰেই CSKৰ বিৰুদ্ধে জয়ী হ’বলৈ সক্ষম হয় দলটো ৷

তাৰ পাচতে অধিনায়কৰূপে পন্তৰ দক্ষতাক ভূয়সী প্ৰশংসা কৰিছিল সকলোৱে । কেৱল এয়াই নহয়, দেওবাৰে হালধীয়া বাহিনী অৰ্থাৎ CSK বাহিনীয়ে প্ৰতিযোগিতাত জয়ী হৈ ডাগআউটলৈ উভতি অহা পণ্টক আগুৰি থকা এখন ফটোৱে ছ’চিয়েল মিডিয়াত দৃষ্টি আকৰ্ষণ কৰে সকলোৰে। বহু অনুৰাগীয়ে এই মুহূৰ্তটোক "দিনটোৰ বিশেষ ফটো" বুলি অভিহিত কৰিছিল, আনহাতে আন একাংশই ইয়াক IPLৰ পূৰ্বৰ ছিজনত CSK দলৰ চেলফিত অংশগ্ৰহণ কৰা পণ্টৰ ফটোৰ সৈতে তুলনা কৰিছে।

পন্ত সন্দৰ্ভত ধাৱানে কয়, “ঋষভ পন্তৰ আটাইতকৈ ভাল কথাটো হ'ল যে তেওঁ সদায় শান্ত হৈ থাকে । তেওঁৰ মনৰ উপস্থিতি যথেষ্ট আছে, যিটো অতি ভাল দিশ । অৱশ্যে, মই তেওঁক মোৰ পৰামৰ্শ দিও ৷ ”
Published by: Kokil Sarma
First published: April 13, 2021, 3:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি