
FILE PHOTO
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ দিছে চৰকাৰে। অতি সোনকালে কাৰ্যকৰী কৰা হ’ব ষষ্ঠ দৰমহা আয়োগ।
ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ পশ্চিম বংগ চৰকাৰৰ। অতি সোনকালে কাৰ্যকৰী কৰা হ’ব ষষ্ঠ দৰমহা আয়োগ। এই কথা জানিবলৈ দিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। দীৰ্ঘদিন ধৰি ফাইলত বন্দী হৈ থকা কমিচনৰ ৰিপৰ্টক কাৰ্যকৰী ৰূপ দিব ৰাজ্য চৰকাৰে। ৰাজ্যখনৰ বিধান সভাৰ অধিবেশনত মমতা বেনাৰ্জীয়ে বছৰৰ শেষৰ ফালে এই সম্পৰ্কত চুড়ান্ত সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিয়ে।
কিছুদিন পূৰ্বে ষষ্ঠ দৰমহা আয়োগৰ ম্যাদ ৩১ ডিচেম্বৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইতিমধ্যে আয়োদৰ কাম কাজ প্ৰায় সমাপ্ত হোৱাৰ পথত। শীঘ্ৰেই চৰকাৰী কৰ্মচাৰীৰ দৰমহাত পৰিৱৰ্তন দেখিবলৈ পোৱা যাব বুলি এতিয়া আশা কৰা হৈছে।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|