এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ ব্ৰঞ্জৰ পদক

দুৰ্দান্ত প্ৰদৰ্শন কৰিও ছেমি ফাইনেলত কাজাখাস্তানৰ বক্সাৰৰ হাতত পৰাস্ত শিৱ। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ২০১৩চনৰ পৰা শিৱৰ চতুৰ্থটো পদক।

Dulu Medhi | news18assam
Updated:April 25, 2019, 6:32 PM IST
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ ব্ৰঞ্জৰ পদক
শিৱ থাপা
Dulu Medhi | news18assam
Updated: April 25, 2019, 6:32 PM IST
এছিয়ান বক্সিঙত দুৰ্দান্ত প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক অৰ্জন শিৱ থাপাৰ।

চতুৰ্থটো পদক অৰ্জন কৰিলে শিৱই।

থাইলেণ্ডত অভিলেখ সৃষ্টি কৰিলে শিৱ থাপাই।

২০১৩ চনৰ পৰা এছিয়ান বক্সিঙত পদক লাভ কৰি আহিছে শিৱই।

এইবাৰ দ: কোৰিয়া, কিৰঘিস্তান আৰু থাইলেণ্ডক পৰাস্ত।

কাজাখাস্তানৰ হাতত ছেমিফাইনেলত পৰাজিত হয় শিৱ থাপা।

দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইও ব্ৰঞ্জৰ পদকতে সন্তুষ্টি থাকিবলগীয়া হ’ল অসমৰ শিৱ থাপা।পূৰ্বতে স্বৰ্ণপদক পোৱা শিৱ থাপাই এইবাৰো বেংককত অনুষ্ঠিত এছিয়াৰ সন্মানীয় প্ৰতিযোগিতাখনত দক্ষিণ কোৰিয়া, কিৰঘিস্তান আৰু থাইলেণ্ডৰ বক্সাৰক পৰাজিত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

শিৱক অভিনন্দন ৰাজ্যৰ ছাত্ৰ আৰু ক্ৰীড়া উপদেষ্টা পৰিষদৰ সদস্য সচিৱ লক্ষ্য কোঁৱৰৰ লগতে অসম বক্সিং সন্থাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি