• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • সুশান্ত সিং ৰাজপুতৰ মৃত্যুত শোকাহত বৌৱেকেও এৰিলে শেষ নিশ্বাস

সুশান্ত সিং ৰাজপুতৰ মৃত্যুত শোকাহত বৌৱেকেও এৰিলে শেষ নিশ্বাস

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে সমগ্ৰ দেশকে স্তব্ধ কৰি ৰাখিছে। 

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে সমগ্ৰ দেশকে স্তব্ধ কৰি ৰাখিছে। 

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে সমগ্ৰ দেশকে স্তব্ধ কৰি ৰাখিছে। 

  • Share this:
পূৰ্ণিয়াঃ বিহাৰৰ পূৰ্ণিয়াত প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ শোকত দগ্ধ বৌৱেকৰো মৃত্যু হৈছে। দুদিন পূৰ্বে মুম্বাইত আত্মহত্যা কৰা অভিনেতাজনৰ খুৰাকৰ পুত্ৰৰ পত্নী সুধা দেৱী পূৰ্বৰ পৰা অসুখত আক্ৰান্ত হৈ আছিল কিন্তু ঘৰৰ ল’ৰাটোৰ মৃত্যুৰ পিছত তেওঁ শোকত দগ্ধ হৈ পৰে আৰু তাৰ পিছতে তেওঁৰ মৃত্যু হয়।

পূৰ্ণিয়াৰ মলডিহা গাঁও সুশান্তৰ পিতৃৰো গাওঁ আৰু মহিলাগৰাকীয়ে তাতেই অৰ্থৎ শহুৰৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। সুশান্তৰ মৃত্যুৰ পিছত তেওঁৰ সমগ্ৰ পৰিয়াল গভীৰ শোকত আছে।

উল্লেখযোগ্য যে, সোমবাৰে সুশান্ত সিঙৰ অন্তিম সৎকাৰ মুম্বাইৰ ভিলে পাৰ্লত কৰা হয় য’ত তেওঁৰ পিতৃ কে কে সিং, ভাতৃ নীৰজ কুমাৰ ববলু সহ পৰিয়ালৰ নগণ্যসংখ্যক লোক উপস্থিত থাকে। সুশান্তই দেওবাৰে নিজৰ ফ্লেটত আত্মহত্যা কৰিছিল। তেওঁৰ মৃত্যুৰ পিছতে গাঁৱত কোনেও ভাত–পানী ৰন্ধা নাই। সুশান্তৰ খুৰাকৰ ল’ৰাই কয় যে গাঁৱৰ সকলো মানুহ সুশান্তৰ মৃত্যুত অতি বেছিকৈ দগ্ধ হৈছে।

নৱেম্বৰ মাহত বিয়া হোৱাৰ কথা আছিল

সুশান্তৰ খুৰীয়েকে কান্দি কান্দি কয়, এতিয়া কোনে আমাক চাৰিধাম যাত্ৰাত লৈ যাব? সুশান্তৰ ঘৰৰ মানুহৰ মতে, নৱেম্বৰ মাহত সুশান্তৰ বিয়া হোৱাৰ কথা আছিল আৰু ঘৰৰ সকলোৱে মুম্বাইলৈ যোৱাৰ কথা আছিল। কিন্তু সকলোকে মুম্বাইলৈ লৈ যোৱাৰ কথা কৈ থকা ল’ৰাটো নিজেই গুচি গ’ল।
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি