যদি আপুনি বিনিয়োগৰ কোনো প্লেনিং কৰি আছে, তেন্তে SIP-এ দিছে এক নতুন পথৰ সন্ধান। মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাৰ আটাইতকৈ জনপ্ৰিয় উপায় হৈছে, ষ্টেটিক ইনভেষ্টমেণ্ট প্লেন (এছ.আই.পি.)। ইয়াত, আপুনি আপোনাৰ পচন্দৰ মিউচুৱেল ফাণ্ডত আপোনাৰ সুবিধা অনুসৰি বিভিন্ন কিস্তিত এক নিৰ্দিষ্ট পৰিমাণৰ টকা জমা কৰিব পাৰে।
যিসকল লোকে শ্বেয়াৰ বজাৰত পোনপটীয়াকৈ বা সম্পূৰ্ণৰূপে বিনিয়োগ কৰিব নিবিচাৰে তেওঁলোকৰ বাবে SIPত বিনিয়োগ কৰিব পাৰে। SIPত দীৰ্ঘম্যাদী সময়ত উচ্চ হাৰত ৰিটাৰ্ণ হোৱাৰ সম্ভাৱনা অধিক। বজাৰত এনে বহু SIP স্কীম আছে, য'ত ১০০ টকাৰ পৰা ৫০০ টকালৈকে নিজৰ বিনিয়োগ আৰম্ভ কৰিব পাৰে।
জানক, পূৰ্বৰ ৫ বছৰৰ প্ৰদৰ্শনঃ
- PGIM ইণ্ডিয়া মিডকেপ অপাৰচুনিটি ফাণ্ডে যোৱা ৫ বছৰত ২৫ শতাংশতকৈও অধিক ৰিটাৰ্ণ দিছে। ৫ বছৰত ৫০০০ মাহিলী এছ.আই.পি. (মুঠ ৩ লাখ টকাৰ বিনিয়োগ)ৰ ভেল্যু হৈ গ'ল ১১ লাখ টকা। নূন্যতম SIP ১০০০ টকাও কৰিব পাৰে।
- কোটাক স্মলকেপ ফাণ্ডে যোৱা ৫ বছৰত ২৩ শতাংশতকৈও অধিক ৰিটাৰ্ণ দিছে। ৫ বছৰত, ৫০০০ মাহিলী SIP-ৰ মূল্য (মুঠ ৩ লাখ টকা বিনিয়োগ) বৃদ্ধি হৈ ১০.৫৪ লাখ টকা হৈছে।
- মিৰে এছেটছ ইমাৰ্জিং ব্লুচিপৰ পূৰ্বৰ পাঁচ বছৰৰ ৰিটাৰ্ণ ২৩ শতাংশ। ৫ বছৰত ৫০০০ মাহিলী SIPৰ ভেল্যু ১০.৪৭ লাখ টকা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|