உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • গায়ক হ’ব বুলি ভৱা নাছিল জুবিন গাৰ্গে, কেতিয়াও ক’তো দিয়া নাছিল অডিশ্যন

    গায়ক হ’ব বুলি ভৱা নাছিল জুবিন গাৰ্গে, কেতিয়াও ক’তো দিয়া নাছিল অডিশ্যন

    অনুষ্ঠানটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক কেইবাটাও প্ৰশ্ন সোধে।

    অনুষ্ঠানটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক কেইবাটাও প্ৰশ্ন সোধে।

    অনুষ্ঠানটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক কেইবাটাও প্ৰশ্ন সোধে।

    • Share this:
      সোমবাৰে চান্দমাৰীত চলি থকা গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় যুৱ প্ৰজন্মৰ হাৰ্ট থৰ্ব জুবিন গাৰ্গৰ "তোৰ সুৰৰ আঁচল ধৰি" শীর্ষক এক অন্তৰংগ আলাপ। অনুষ্ঠানত জুবিনে কয় – মই গায়ক হ’ব বুলি কেতিয়াও ভৱা নাছিলো। কেতিয়াও ক’তো অডিশ্যন দি পোৱা নাই।

      এটা পুৰণি গীতৰ কথা উল্লেখ কৰি জুবিনে কয় যে এই গীতটো গাই বহুতে গায়ক হিচাপে পৰিচয় পাইছে। মুক্ত নোপোৱা এই গীতটোৰ এটা কলিও গাই শুনালে জুবিনে। জুবিন গাৰ্গৰ মতে শিল্পীৰ কাৰণে শিল্পটো তেজৰ দৰে।

      অনুষ্ঠানটোত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক কেইবাটাও প্ৰশ্ন সোধে। সেইদৰে জুবিন গাৰ্গেও জীৱনৰ বহু অভিজ্ঞতাৰ কথা মুকলিকৈ উপস্থিত ৰাইজৰ আগত অন্তৰংগ আলাপ অনুষ্ঠানটোৰ জৰিয়তে অৱগত কৰে।

      বাধ্যত পৰিহে হেনো বিয়া পাতিলে জুবিন গাৰ্গে। গৰিমা গাৰ্গৰ প্ৰশ্নত জুবিনে ক'লে 'মই ডমেষ্টিক নহয়'। লগতে ধেমালীৰ চলেৰে জুবিনে কয় যে, মানুহ প্ৰধানমন্ত্ৰী মোদীৰ দৰে হ’ব লাগে, আনক কথা ক’বলৈ সুযোগ নিদি নিজেই কৈ থাকিব লাগে।’

      NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

      First published: