গায়ক সীমান্ত শেখৰক কোনে দিছে হত্যাৰ ভাবুকি? আৰক্ষীৰ কাষ চাপিব শংকিত সীমান্ত

বিহুমঞ্চত জুবিন গাৰ্গক কটাক্ষ কৰি হিমন্ত বিশ্বৰ সমৰ্থন আৰু বিজেপিৰ গান গোৱাৰ বাবে বিতৰ্কত সোমাইছিল সীমান্ত শেখৰ।

news18assam
Updated:May 3, 2019, 7:55 PM IST
গায়ক সীমান্ত শেখৰক কোনে দিছে হত্যাৰ ভাবুকি? আৰক্ষীৰ কাষ চাপিব শংকিত সীমান্ত
বিহুমঞ্চত জুবিন গাৰ্গক কটাক্ষ কৰি হিমন্ত বিশ্বৰ সমৰ্থন আৰু বিজেপিৰ গান গোৱাৰ বাবে বিতৰ্কত সোমাইছিল সীমান্ত শেখৰ।
news18assam
Updated: May 3, 2019, 7:55 PM IST
বৃহস্পতিবাৰে নিশা সীমান্ত শেখৰৰ এটা ফেচবুক পষ্টে চৌদিশে তোলপাৰ লগাইছে। তেওঁ লিখিছিল তেওঁ আৰু তেওঁৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দি ফোনকল আহিছে। এয়া সহ্যৰ সীমাৰ বাহিৰত বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল। লগতে লিখিছিল আৰক্ষীৰ কাষ চপাৰ কথা। (ফেচবুক পষ্ট ইতিমধ্যে তেওঁ ডিলিট কৰিছে।) কি লিখিছিল তেওঁ?
এয়া সহ্যৰ সীমাৰ বাহিৰত! কোনোবাই মোক আৰু মোৰ পৰিয়ালক এসপ্তাহৰ ভিতৰত মাৰি পেলাম বুলি ফোনত ভাবুকি দিছে। মই ঘৃণা কৰোতাসকলক সকীয়াই কওঁ যে কেনেকৈ এটা ভাবুকিপূৰ্ণ ফোনকল গোটেই জীৱনৰ কাৰণে সমস্যা হ’ব পাৰে। এয়া এতিয়ালৈকে ধেমালী আছিল কিন্তু সময় এতিয়া আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ। মই মোৰ পৰিয়ালক সুৰক্ষা দিব পাৰো।


সীমান্তই জনোৱা মতে বৃহস্পতিবাৰে নিশা তেওঁ এই ফোনকল লাভ কৰিছে, তেওঁ আৰক্ষীৰ সহায় ল’ব। প্ৰশ্ন হয় হঠাৎ কোনে সীমান্ত শেখৰক হত্যা কৰিব বিচাৰিছে? শেহতীয়াকৈ কিছু বিতৰ্কত সোমাই পৰিছে গায়কজন। এই বিতৰ্ক বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীত বিহুমঞ্চত গোৱাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নাচ অৰিজিনেল বুলি জুবিনক কটাক্ষ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল। জুবিন গাৰ্গে বিহু মঞ্চত ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নাচ কপি কৰাৰ মন্তব্য কৰাৰ পিছত ডঃ শৰ্মাই ঠিকেই জুবিনৰ ধেমালীৰ উত্তৰ নিদিলে কিন্তু সীমান্ত শেখৰে হিমন্ত বিশ্বক ভালৰি লগাবলৈ গৈ জুবিনক আওপকীয়াকৈ কটাক্ষ কৰাটো সহজভাৱে ল’ব পৰা নাই জুবিনৰ একাংশ অনুৰাগীয়ে।ছচিয়েল মিডিয়াত বিভিন্ন মিম বনাই সীমান্ত শেখৰক কটাক্ষ অনুৰাগীৰ।

 

সীমান্তই বছৰত যিমান অনুষ্ঠান কৰে জুবিনে বছৰত সিমান অনুষ্ঠান কেন্সেল কৰে–এনেধৰনৰ ভাষ্যৰে সীমান্ত শেখৰক থকা–সৰকা কৰা হৈছে ছচিয়েল মিডিয়াত। দীঘলীয়া সময় বিভিন্ন ভাষাৰ গীতেৰ অসংখ্যজনৰ জীৱন জীপাল কৰি ৰখা জুবিনৰ সৈতে নৱপ্ৰজন্মৰ কাৰো তুলনা কৰাও উচিত নহয়, কিন্তু ইয়াৰ মাজতে সীমান্তক মৃত্যুৰ ভাবুকি দিয়া ঘটনাই আকৌ এবাৰ সমালোচনাৰ কাঠগৰাত তুলিছে একাংশক। কোনোবা অন্ধ অনুৰাগীয়ে আৱেগৰ আতিশৰ্যত সীমান্তলৈ কৰিছিল নে কি মৃত্যুৰ ভাবুকি পূৰ্ণ ফোন। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ শিল্পী সমাজ সৰৱ হওঁতে সীমান্তই সুবিধাদীৰ চৰিত্ৰ লৈ বিজেপিৰ গান গালে, একাংশ সংবাদমাধ্যমত সম্প্ৰচাৰিত এনেধৰনৰ বাতৰিয়ে গায়কজনৰ জীৱনলৈ অনিশ্চয়তা নমাইছে নে কি, ইয়াক লৈও চলিছে চৰ্চা। জুবিনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পূৰ্বে বিজেপিৰ হৈ গান গোৱাৰ বাবে সমালোচিত হোৱা সীমান্তই ফেচবুকতেই লিখিছিল, মোক গায়ক হৈ থাকিবলৈ দিয়ক, ৰাজনীতিলৈ নাটানিব।

কিন্তু সেই একেজন সীমান্তই বিহুমঞ্চত ৰাজনৈতিক নেতাৰ সমৰ্থন কৰাৰ লগতে নিৰ্বাচনী গীত গোৱাৰ কথা একাংশই হজম কৰাত হয়তো অসুবিধা পালে।

ছচিয়েল মিডিয়াত জুবিনৰ একাংশ অনুৰাগীৰ ৰোষত সীমান্ত


কেৱল বিহুমঞ্চতেই নহয় সীমান্ত শেখৰে নিজৰ ফেচবুকতো প্ৰিয় ৰাজনৈতিক নেতা হিমন্ত বিশ্ব শর্মাক মুকলিকৈ প্ৰশংসা কৰি থৈছে।

সমালোচনাৰ সন্মুখীন হ’লেও ভ্ৰুক্ষেপ দিয়া নাই সীমান্তই, তেওঁৰ গীতটো এইবাৰ হিমন্ত বিশ্বৰ নৃত্যৰ সমানে জনপ্ৰিয় হৈছে আৰু সেইবাবে একাংশ লোকৰ কথাত গুৰুত্ব দিয়াৰ প্ৰয়োজন বোধ কৰা নাই তেওঁ। কিন্তু মৃত্যুৰ ভাবুকি অলপ বেছি হৈ গ’ল! এই ফোনকলৰ  ক্ষেত্ৰত আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ আশা কৰিছে সচেতন ৰাইজে।
আৰু চাওক পৰৱৰ্তী বাতৰি