• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Mirabai Chanu : লাভলীনা আৰু মেৰীকমলৈ শুভেচ্ছা জনালে টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে

Mirabai Chanu : লাভলীনা আৰু মেৰীকমলৈ শুভেচ্ছা জনালে টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে

লাভলীনা আৰু মেৰীকমৰ উপৰি অলিম্পিকত অংশগ্ৰহণ কৰা সকলো ভাৰতীয় খেলুৱৈলৈ শুভেচ্ছা জনায় মীৰাবাই চানুৱে।

লাভলীনা আৰু মেৰীকমৰ উপৰি অলিম্পিকত অংশগ্ৰহণ কৰা সকলো ভাৰতীয় খেলুৱৈলৈ শুভেচ্ছা জনায় মীৰাবাই চানুৱে।

লাভলীনা আৰু মেৰীকমৰ উপৰি অলিম্পিকত অংশগ্ৰহণ কৰা সকলো ভাৰতীয় খেলুৱৈলৈ শুভেচ্ছা জনায় মীৰাবাই চানুৱে।

  • Share this:
মেৰীকম আৰু লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জনালে টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে। আজি কলম্বিয়াৰ ভালেন্সিয়া ভিক্টোৰিয়াৰ সৈতে মেৰীকমৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ খেল আছে। তাৰ পূৰ্বে মেৰীকমক শুভেচ্ছা জনালে মীৰাবাই চানুৱে।

টকিঅ’ত ৰূপৰ পদক জয় কৰি মীৰাবাই চানুৱে ইতিমধ্যে ঘৰলৈ উভতি আহিছে আৰু পৰিয়ালৰ সৈতে সময় কটাইছে। News18ৰ জৰিয়তে লাভলীনা আৰু মেৰীকমলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি মীৰাবাই চানুৱে কয়, ‘দুয়োগৰাকী পদক লাভৰ সম্ভাৱনা আছে। দুয়োগৰাকী ভাল খেলি আছে। মই দুয়োগৰাকীকে শুভেচ্ছা জনাইছো।’’

লাভলীনা আৰু মেৰীকমৰ উপৰি অলিম্পিকত অংশগ্ৰহণ কৰা সকলো ভাৰতীয় খেলুৱৈলৈ শুভেচ্ছা জনায় মীৰাবাই চানুৱে। চানুৱে কয়, টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক মোৰ আৰু মোৰ পৰিয়ালৰ পৰা শুভেচ্ছা জনালো।
Published by:Sanjay Kumar Das
First published: