বৰুণ ধাৱান আৰু নাতাশা দালালৰ বিয়াখন হাইলাইটত থকাৰ সময়তে বলীউদৰ আন এক যুটীয়ে দৃষ্টি কাঢ়িছিল অনুৰাগীৰ। তেওঁলোক হ’ল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী। দেওবাৰে দুয়োকে একেলগে লাঞ্চ ডেটত দেখা গ’ল মুম্বাইৰ এখন ৰেস্তোৰাঁত। শুনা গৈছে সিদ্ধাৰ্থৰ সৈতে আছিল পিতৃ–মাতৃও। আৰু সেই সুযোগতে প্ৰেমিকাক পিতৃ–মাতৃৰ সৈতে সাক্ষাৎ কৰালে অভিনেতাগৰাকীয়ে।
কিছুদিন পূৰ্বে গৈছে সিদ্ধাৰ্থৰ জন্মদিন। সেই উপলক্ষে মুম্বাইলৈ আহিছে পিতৃ–মাতৃ। আৰু এই সুযোগ মিছ নকৰি পিতৃ–মাতৃৰ সৈতে প্ৰেমিকাক সাক্ষাৎ কৰালে সিদ্ধাৰ্থই। কাৰণটো পৰিষ্কাৰ। পৰিয়ালৰ পৰা সম্পৰ্কৰ কথা লুকাই ৰাখিব নিবিচাৰে সিদ্ধাৰ্থই। কিয়াৰাৰো তেওঁলোকৰ পৰিয়ালৰ অংশ হোৱাত যে আপত্তি নাই সেয়া বুজা গৈছে!
প্ৰেমৰ সম্পৰ্কক লৈ অৱশ্যে লুক–ঢাক নাই এই যুটীৰ। সংবাদ মাধ্যমৰ আগত বিশেষ মন্তব্য নকৰিলেও বলীউদত কাণ পাতিলেই শুনা যায় তেওঁলোকৰ সম্পৰ্কৰ চৰ্চা। কিছুদিন পূৰ্বে আফ্ৰিকান ছাফাৰিত দেখা গৈছিল দুয়োকে। একেলগে ফটো পোষ্ট নকৰিলেও কিয়াৰাৰ ইনষ্টাগ্ৰাম পোষ্টত দেখা গৈছে আফ্ৰিকাৰ ফটো। সিদ্ধাৰ্থয়ো নিজৰ কিছু ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।
দেওবাৰে একেলগে ৰেস্তোৰাঁলৈ অহা নাছিল দুয়ো। বেলেগ এখন গাড়ীত আহিছিল কিয়াৰা। পিছত আহিছিল সিদ্ধাৰ্থ। কামৰ ক্ষেত্ৰতো একেলগে কাম কৰিছে সিদ্ধাৰ্থ কিয়াৰাই। বিষ্ণুবৰ্ধনৰ শ্বেৰশ্বাহ ছবিত একেলগে কাম কৰিছে তেওঁলোকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|