মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Raj Kundra-Shilpa Shetty : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰ পিছত প্ৰথমবাৰ ৰাইজৰ মাজলৈ আহিল শিল্পা ছেট্টী, শিকালে প্ৰাণায়াম কেনেকৈ কৰিব লাগে

Raj Kundra-Shilpa Shetty : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰ পিছত প্ৰথমবাৰ ৰাইজৰ মাজলৈ আহিল শিল্পা ছেট্টী, শিকালে প্ৰাণায়াম কেনেকৈ কৰিব লাগে

ৰাজ কুন্দ্ৰা (Raj Kundra) গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰৰ বাবে Covid-19ৰ পুঁজি সংগ্ৰহ অনষ্ঠান এটাত অংশ লয় শিল্পা ছেট্টী (Shilpa Shetty)য়ে। 

ৰাজ কুন্দ্ৰা (Raj Kundra) গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰৰ বাবে Covid-19ৰ পুঁজি সংগ্ৰহ অনষ্ঠান এটাত অংশ লয় শিল্পা ছেট্টী (Shilpa Shetty)য়ে। 

ৰাজ কুন্দ্ৰা (Raj Kundra) গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰৰ বাবে Covid-19ৰ পুঁজি সংগ্ৰহ অনষ্ঠান এটাত অংশ লয় শিল্পা ছেট্টী (Shilpa Shetty)য়ে। 

  • Share this:
ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ গ্ৰেপ্তাৰৰ প্ৰায় এমাহ পিছত প্ৰথমবাৰৰ বাবে ৰাইজৰ সন্মুখলৈ আহিছে অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty)। মাজতে মাত্ৰ এবাৰ সমগ্ৰ ঘটনাটোক লৈ এটা লিখিত ষ্টেটমেণ্ট দিয়া ৰ বাহিৰে কোনো ধৰণৰ ৰাজহুৱা মন্তব্য কৰা বা কামত অংশ লোৱা নাছিল শিল্পা ছেট্টীয়ে। ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰৰ বাবে Covid-19ৰ পুঁজি সংগ্ৰহ অনষ্ঠান এটাত অংশ লয় শিল্পা ছেট্টীয়ে। যৌন মুভী-ভিডিঅ' (Poron Video) বনোৱা আৰু সেইবোৰ ইণ্ৰটাৰনেটট এৰি দিয়াৰ গোচৰত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল।

শিল্পা ছেট্টীৰ উপৰি এই পুঁজি সংগ্ৰহ কেম্পেইনত বলীউডৰ কেইবাগৰাকী চেলিব্ৰিটীয়ে অংশ লৈছিল। মালাইকা আৰোৰা (Malaika Arora), অৰ্জূন কাপুৰ (Arjun Kapoor), বিদ্যা বালান (Vidya Balan) আৰু দিয়া মিৰ্জা (Dia Mirza)ও আছিল এই অনুষ্ঠানত।

শিল্পাই উশাহ-নিশাহ সম্পৰ্কীয় কিছুমান যৌগাসন কৰি দেখুৱাইছিল আৰু সঠিক ৰূপত অক্সিজেন কিয় মগজুৰ কোষবোৰলৈ যোৱাটো জৰুৰী সেয়া ব্যাখ্যা কৰিছিল। শিল্পাই কয়, “আমি এনেৰুৱা এটা সময়ত বাস কৰিছোঁ য'ত আমাৰ সকলো উশাহ-নিশাহৰ সুস্থতাৰ ওপৰতে নিৰ্ভৰ কৰিছে। ।দি আপোনাৰ লানিকাৰ পথ মুক্ত থাকে তেনহ'লে অক্সিজেন সহজে মগজুৰ কোষলৈ পৰিবাহিত হ'ব পাৰে আৰু ই শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়িব পাৰে।"

নেতিবাচক চিন্তা কিদৰে দূৰ কৰিব পাৰি সেই সম্পৰ্কেও কয় শিল্পাই-“বিপদৰ সময়ত নেতিবাচক চিন্তা (negative thoughts) অহাটো স্বাভাৱিক, কিন্তু সেই চিন্তাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সুস্থ শ্বাস প্ৰণালী এটা গঢ়ি তুলিবই লাগিব। সেয়ে পজিটিভ হৈ থাকিবলৈ প্ৰাণায়ম (pranayam’) কৰাটো  অতি জৰুৰী।"

অনুষ্ঠানটোত সকলোকে কোভিড সতৰ্কতাসমূহ পালন কৰিবলৈ আৰু প্ৰতিষেধক (Corona Vaccine)গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায় শিল্পা ছেট্টীয়ে।


উল্লেখ্য যে ১৫ আগষ্টত (Independence Day 2021) ছচিয়েল মিডিয়াত সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছিল শিল্পা ছেট্টীয়ে।

শেহতীয়া বাতৰি