• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত শিল্পা শেট্টীৰ কন্যা সন্তান সামিশা, চাওক ভিডিঅ’

প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত শিল্পা শেট্টীৰ কন্যা সন্তান সামিশা, চাওক ভিডিঅ’

 ১৫ ফেব্ৰুৱাৰীত জন্ম হয় সামিশাৰ। কন্যাৰ বয়স প্ৰায় ৯ মাহ সম্পূৰ্ণ হৈছে।

১৫ ফেব্ৰুৱাৰীত জন্ম হয় সামিশাৰ। কন্যাৰ বয়স প্ৰায় ৯ মাহ সম্পূৰ্ণ হৈছে।

১৫ ফেব্ৰুৱাৰীত জন্ম হয় সামিশাৰ। কন্যাৰ বয়স প্ৰায় ৯ মাহ সম্পূৰ্ণ হৈছে।

  • Share this:
৪৫ বছৰ বয়সত পুনৰ মাতৃ হৈছে এসময়ৰ বলীউদ কঁপোৱা অভিনেত্ৰী শিল্পা শেট্টী। শিল্পা–ৰাজ কুন্দ্ৰাৰ কোলা শুৱনি কৰিছে দ্বিতীয় সন্তানে। শিল্পা আৰু ৰাজৰ প্ৰথম সন্তান ভিয়ান। দম্পতীৰ জীৱনত এতিয়া আহিছে এক কন্যা সন্তান। শিল্পা আৰু ৰাজে তেওঁলোকৰ কন্যাৰ নাম ৰাখিছে সামিশা শেট্টী কুন্দ্ৰা।

ছেৰ’গেচিৰ মাধ্যমেৰে পুনৰ মাতৃ–পিতৃ হৈছে শিল্পা–ৰাজ। ২১ ফেব্ৰুৱাৰীত ৰাজ–শিল্পাই এই সুখবৰ ছচিয়েল মিডিয়াযোগে জনাইছিল। ১৫ ফেব্ৰুৱাৰীত জন্ম হয় সামিশাৰ। কন্যাৰ বয়স প্ৰায় ৯ মাহ সম্পূৰ্ণ হৈছে। কিন্তু এতিয়ালৈ কন্যাৰ ফটো কেতিয়াও শ্বেয়াৰ কৰা নাই শিল্পাই।


কিন্তু এইবাৰ কিছু মুহূৰ্তৰ বাবে দেখা গ’ল কণমানি সামিশাক। কন্যাক লৈ মুম্বাইৰ ৰাজপথলৈ ওলাইছিল শিল্পা। গাড়ীৰ পৰা মাতৃৰ কোলাত উঠি নমাৰ সময়তে সাংবাদিকৰ কেমেৰাত বন্দী হ’ল সামিশা। আৰু মুহূৰ্ততে ভাইৰেল হৈ পৰে।


এই বছৰ সামিশাৰ প্ৰথম ভাইফোটা। সেয়ে প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ ভাতৃ ভিয়ানক ভাইফোটা দিছে, আৰতিও কৰিছে। নিজে একো কৰিব নোৱাৰা বাবে সকলো সহায় কৰি দিছে মাতৃ শিল্পা শেট্টীয়ে।
Published by:Sanjay Kumar Das
First published: