உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Shilpa Shetty’s Beauty Secret: শিল্পা শেট্টীৰ উজ্জ্বল ছাল আৰু ৰূপৰ ৰহস্য লুকাই আছে এই পৰিচিত ফলত!

    Shilpa Shetty’s Beauty Secret: শিল্পা শেট্টীৰ উজ্জ্বল ছাল আৰু ৰূপৰ ৰহস্য লুকাই আছে এই পৰিচিত ফলত!

    অমিতাত প্ৰচূৰ পৰিমাণে পুষ্টিকৰ গুণ আছে। প্ৰচূৰ পুষ্টিৰে ভৰপূৰ অমিতাই বেলেঞ্চড ডায়েট আৰু সুষম আহাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

    অমিতাত প্ৰচূৰ পৰিমাণে পুষ্টিকৰ গুণ আছে। প্ৰচূৰ পুষ্টিৰে ভৰপূৰ অমিতাই বেলেঞ্চড ডায়েট আৰু সুষম আহাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

    অমিতাত প্ৰচূৰ পৰিমাণে পুষ্টিকৰ গুণ আছে। প্ৰচূৰ পুষ্টিৰে ভৰপূৰ অমিতাই বেলেঞ্চড ডায়েট আৰু সুষম আহাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

    • Share this:
    স্বাস্থ্য সচেতনতাৰ ফালৰ পৰা শিল্পা শেট্টী (Shilpa Shetty) বহুতৰ বাবে অনুপ্ৰেৰণা। যোগাভ্যাস আৰু সঠিক ডায়েটৰ গুণত শিল্পাৰ ওচৰত বয়স যেন থমকি ৰৈছে। সামাজিক মাধ্যমত শিল্পা শেট্টীয়ে নিয়মিত স্বাস্থ্যৰ টিপছ দিয়ে। তেওঁ কিদৰে ডায়েট আৰু ফিটনেছ মানি চলে, তাৰ ভিডিঅ’ও শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত। সম্প্ৰতি তেওঁ অমিতা আৰু তাৰ গুণ সম্পৰ্কে এটা পোষ্ট কৰিছে। (Health benefits of papaya)

    অমিতাৰ গুণাগুণ

    অমিতাত প্ৰচূৰ পৰিমাণে পুষ্টিকৰ গুণ আছে। প্ৰচূৰ পুষ্টিৰে ভৰপূৰ অমিতাই বেলেঞ্চড ডায়েট আৰু সুষম আহাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফাইবাৰ, প্ৰটিন, নামমাত্ৰ কেলৰিৰ লগতে অমিতা ওজন কমোৱাৰ বাবে খুবেই ভাল। যিসকলে ডায়েট কৰে, তেওঁলোকৰ বাবে অমিতা আদৰ্শ। ১০০ গ্ৰাম পকা অমিতাত থাকে মাত্ৰ ৪৩ কেলৰি।

    অমিতাই মেটাবলিজম বঢ়াই তোলে। ইয়াৰ উপৰি কোষ্ঠকাঠিন্যসহ পেটৰ যিকোনো সমস্যাত অমিতা উপকাৰী। অমিতাত আছে এণ্টিঅক্সিডেণ্ট। ফলত শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে।

    ইয়াৰ উপৰি, শিল্পা শেট্টীয়ে ইনষ্টাগ্ৰাম পোষ্টত শ্বেয়াৰ কৰিছে ছালৰ পৰিচৰ্যাত অমিতাৰ উপকাৰিতাৰ কথা। লিখিছে, ‘‘অমিতাত আছে প্ৰচূৰ পৰিমাণৰ এণ্টি অক্সিডেণ্ট। লগতে আছে ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন ই। অমিতাৰ মিঠা সোৱাদ, উজ্জ্বল ৰং আৰু ইয়াৰ প্ৰচূৰ স্বাস্থ্যগুণে এই ফলবিধক জনপ্ৰিয় কৰি তুলিছে।’’

    শিল্পাই আৰু জনাইছে যে পকা অমিতাৰ গুণে ছালত বয়সৰ চাপ পৰিবলৈ নিদিয়ে। এই ফলৰ ৰসে ছাল মসৃন আৰু সতেজ কৰি ৰাখে। শিল্পাৰ পৰামৰ্শ, ডায়েটত এই সুস্বাদু আৰু স্বাস্থ্যকৰ ফল ৰাখক।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: