உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Viral Video: লাইভ অনুষ্ঠানৰ মাজতে শ্বেহনাজ গীলে চৰ শোধালে সিদ্ধাৰ্থ শুক্লাক! হতভম্ব অভিনেতাজন

    Viral Video: লাইভ অনুষ্ঠানৰ মাজতে শ্বেহনাজ গীলে চৰ শোধালে সিদ্ধাৰ্থ শুক্লাক! হতভম্ব অভিনেতাজন

    অলপতে সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজ গীল প্ৰথমবাৰলৈ একেলগে ইনষ্টাগ্ৰামত লাইভত আহিছিল। এই সময়তে দুয়ো খুব হাঁহি–ফূৰ্তিৰে কটোৱা সময়ৰ ভিডিও ভাইৰেল হৈছে। 

    • Share this:
    বিগ বছৰ বিজয়ী সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজ গীল অনুষ্ঠানৰ সময়ৰ পৰাই বহু দৰ্শকৰ প্ৰিয় যুটী। মানুহে আনকি দুয়োকে সিদনাজ (Sidnaaz) নামেৰেও মাতিবলৈ লৈছিল। শ্বেহনাজে সিদ্ধাৰ্থৰ প্ৰতি প্ৰায়ে মৰম প্ৰদৰ্শন কৰি আহিছে। কিন্তু সিদ্ধাৰ্থ শুক্লাই এইপৰ্যন্ত কেৱল নীৰৱতাই প্ৰদৰ্শন কৰি আহিছে। সিদ্ধাৰ্থৰ কাৰণে শ্বেহনাজ সদায় এগৰাকী ভাল বন্ধুহে। ইয়াৰ মাজতে শেহতীয়াকৈ দুয়ো ইনষ্টাগ্ৰামত লাইভ আহে। এই সময়ত দুয়ো কৰা হাঁহি–ধেমালিৰ ভিডিও ভাইৰেল হৈছে।

    কিন্তু এই লাইভ চেশ্যনৰ সময়তে শ্বেহনাজে এনে এক কাণ্জ কৰে যাৰ ফলত স্বয়ং সিদ্ধাৰ্থ শুক্লা হতভম্ব হৈ পৰে। দৰাচলতে ভিডিওটোত দুয়ো ধেমেলীয়াকৈ কাজিয়া কৰি আছিল। ইয়াৰ মাজতে ধেমালীৰ ফাঁকত শ্বেহনাজে সিদ্ধাৰ্থ শুক্লাক চৰ শোধাই দিয়ে। হঠাৎ হোৱা এই কাণ্ডত সিদ্ধাৰ্থ হতভম্ব হৈ পৰে যদিও ক্ষন্তেক পিছতে দুয়ো পুনৰ হাঁহি ধেমালিত লিপ্ত হয়।

    উল্লেখ্য যে, শেহতীয়াকৈ সিদ্ধাৰ্থ শুক্লা আৰু নেহা শৰ্মাৰ মিউজিক ভিডিও ‘দিল ক’ কৰাৰ আয়া’ যথেষ্ট হিট হৈছে। আনহাতে শ্বেহনাজ গীলেও টনী কক্কৰৰ সৈতে কূৰ্তা পাজামা শীৰ্ষক গীতত অভিনয় কৰিছে। ইয়াৰ পূৰ্বে সিদ্ধাৰ্থ–শ্বেহনাজক একেলগে মিউজিক ভিডিও ভুলা দুংগাত দেখিবলৈ পোৱা গৈছিল।
    First published: