মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»‘আকৌ এবাৰ মোদী চৰকাৰ’ সমীক্ষা ওলোৱা লগে লগে শ্বেয়াৰ বজাৰত অভিলেখ

‘আকৌ এবাৰ মোদী চৰকাৰ’ সমীক্ষা ওলোৱা লগে লগে শ্বেয়াৰ বজাৰত অভিলেখ

News18-Assam
Updated:May 20, 2019, 5:41 PM IST
‘আকৌ এবাৰ মোদী চৰকাৰ’ সমীক্ষা ওলোৱা লগে লগে শ্বেয়াৰ বজাৰত অভিলেখ
এইবাৰ শ্বেয়াৰ বজাৰতো দেখা গ’ল মোদীৰ ছুনামী! বিনিয়োগকাৰীয়ে কেইটামান মুহূৰ্তৰ ভিতৰত ঘটিলে ৩.৮২ লাখ কোটি টকা ।

এইবাৰ শ্বেয়াৰ বজাৰতো দেখা গ’ল মোদীৰ ছুনামী! বিনিয়োগকাৰীয়ে কেইটামান মুহূৰ্তৰ ভিতৰত ঘটিলে ৩.৮২ লাখ কোটি টকা ।

  • Share this:
এইবাৰ শ্বেয়াৰ বজাৰতো দেখা গ’ল মোদীৰ ছুনামী! দেওবাৰে দেশৰ বহুকেইটা এজেঞ্চিয়ে প্ৰকাশ কৰা Exit Poll ত আকৌ এবাৰ দেশত মোদী চৰকাৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা প্ৰকত হৈ পৰাৰ লগে লগে এতিয়া দেশৰ শ্বেয়াৰ বজাৰত দেখা গৈছে অভূতপূৰ্ব উত্থান। সোমবাৰে পুৱা ছেনছেক্স আৰু Nifty খোলাৰ পিছতে এক অভূতপূৰ্ব উত্থান দেখা যায় দেশৰ শ্বেয়াৰবজাৰত। সোমবাৰৰ দিনটোত The Bombay Stock Exchange ৰ ৩০টা শ্বয়াৰৰ প্ৰধান Index ছেনছেক্স ১৪২১ ৰ পৰা ৩৯,৩৫২ লৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সেইদৰে NSE ৰ ৫০টা প্ৰধান শ্বেয়াৰ Index nifty ৪২৫ৰ পৰা বৃদ্ধি পাই ১১৮৩২ হৈছেগৈ। ইয়াৰ উপৰিও অনাগত দিনতো শ্বেয়াৰ বজাৰত ২ ৰ পাৰ ৩ শতাংশ আৰু উত্থান হোৱা সম্ভাৱনা আছে।

উল্লেখযোগ্য যে দেওবাৰে দেশৰ বিভিন্ন এজেঞ্চিয়ে নিজৰ Exit Poll অনুসৰি দেশত পৰৱৰ্তী চৰকাৰ বিজেপিৰ নেতৃত্বতে হ’ব বুলি দাবী কৰাৰ লগতে কেইটামান এজেঞ্চিয়ে বিজেপিয়ে নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কোৱাৰ পিছতে এতিয়া দেশৰ শ্বেয়াৰ বজাৰত হোৱা উত্থানে বিশেষ তাৎপৰ্য বহন কৰিছে।
First published: May 20, 2019, 5:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি