শ্বেয়াৰ বজাৰত হাহাকাৰ! ১৪৫০ পইণ্ট নিম্নগামী ছেনছেক্স

News18 Assam | News18-Assam
Updated:March 6, 2020, 11:38 AM IST
শ্বেয়াৰ বজাৰত হাহাকাৰ! ১৪৫০ পইণ্ট নিম্নগামী ছেনছেক্স
আজি ছেনছেক্স ১৪৫০ পইণ্ট নিম্নগামী হৈ ৩৭,০৮৪.৫৭ৰ স্তৰত খুলিছে।

আজি ছেনছেক্স ১৪৫০ পইণ্ট নিম্নগামী হৈ ৩৭,০৮৪.৫৭ৰ স্তৰত খুলিছে।

  • Share this:
কোৰোণা ভাইৰাছে প্ৰভাব পেলাইছে ভাৰতীয় শ্বেয়াৰ বজাৰত। সমগ্ৰ বিশ্বতে কোৰোণা ভাইৰাছে সৃষ্টি কৰিছে আতংকৰ। ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগতে এছিয়াৰ বজাৰতো। আজি ছেনছেক্স ১৪৫০ পইণ্ট নিম্নগামী হৈ ৩৭,০৮৪.৫৭ৰ স্তৰত খুলিছে। আনহাতে, নিফটী ৪২৯.৬৫ পইণ্ট অৱনমিত হৈ ১০৮৩৯.৬৫ অংকৰ স্তৰত খুলিছে।

এই বৈশ্বিক সংকটৰ মাজত আজি ছেনছেক্স আৰু নিফটীৰ আৰম্ভণি বৃহৎ নিম্নগামী পইণ্টেৰে আৰম্ভ হয়। বম্বে ষ্টক এক্সচেঞ্জ (BSE)ৰ মিডকেপ ইনডেক্স ১.৮৯ শতাংশ আৰু স্মলকেপ ইনডেক্স ১.০৭ শতাংশ পতনেৰে চলি আছে। তেল–গেছ শ্বেয়াৰতো আজি দেখা গৈছে পতন। BSEৰ তেল আৰু গেছ সূচাংক ৩.২ শতাংশ পতনৰ সৈতে চলি আছে।
Published by: Sanjay Kumar Das
First published: March 6, 2020, 11:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি