• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Shardiya Navratri 2021 : আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোত কৰক মা শৈলপুত্ৰীৰ আৰাধনা, জানক পূজাৰ বিধি আৰু শুভ মুহূৰ্ত

Shardiya Navratri 2021 : আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোত কৰক মা শৈলপুত্ৰীৰ আৰাধনা, জানক পূজাৰ বিধি আৰু শুভ মুহূৰ্ত

এই সময়ত দেৱী মাঁৰ দৰশন কৰিলে জীৱনত সফলতা লাভ কৰা যায়। সুখ–সমৃদ্ধিৰ প্ৰাপ্তি হয়।

এই সময়ত দেৱী মাঁৰ দৰশন কৰিলে জীৱনত সফলতা লাভ কৰা যায়। সুখ–সমৃদ্ধিৰ প্ৰাপ্তি হয়।

এই সময়ত দেৱী মাঁৰ দৰশন কৰিলে জীৱনত সফলতা লাভ কৰা যায়। সুখ–সমৃদ্ধিৰ প্ৰাপ্তি হয়।

  • Share this:
Sharidya Navratri 2021 First Day Maa Shailputri Puja: আজি প্ৰতিপদা অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিন। প্ৰতিপদাত ভক্তসকলে মা নৱ দুৰ্গাৰ প্ৰথম স্বৰূপ মা শৈলপুত্ৰীৰ পূজা–অৰ্চনা কৰে। মা শৈলপুত্ৰীৰ পূজা কৰিলে চন্দ্ৰ দোষৰ পৰা মুক্তি পোৱা যায়। দিনজুৰি চলিবলগা এই পৰ্বত মা দুৰ্গাৰ ৯ পৃথক পৃথক ৰূপৰ বিধি–বিধান অনুসৰি পূজা–অর্চনা কৰা হয়। নৱৰাত্ৰিৰ প্ৰতিটো দিন মাৰ নটা ৰূপৰ এটাৰ প্ৰতি সমৰ্পিত হয়। কোৱা হয় যে ৯ দেৱীক ৯টা দিনলৈ ভোগ আগবঢ়োৱা হয়। কোৱা হয় যে এই সময়ত ভক্তই মা দুৰ্গাৰ বাবে ভোগ বনায় যাৰ ফলত দেৱী প্ৰসন্ন হয় আৰু ভক্তৰ সকলো মনৰ কামনা পূৰ্ণ কৰে। এই সময়ত দেৱী মাঁৰ দৰশন কৰিলে জীৱনত সফলতা লাভ কৰা যায়। সুখ–সমৃদ্ধিৰ প্ৰাপ্তি হয়।

মা শৈলপুত্ৰীৰ পূজাৰ বিধি

পুৱা উঠি স্নান কৰক আৰু পৰিষ্কাৰ হালধীয়া ৰঙৰ পস্ত্ৰ ধাৰণ কৰক। মা শৈলপুত্ৰীৰ হালধীয়া ৰং অতি প্ৰিয়। মা শৈলপুত্ৰীৰ পূজা কৰাৰ পূৰ্বে মা শৈলপুত্ৰীৰ ফটো বা প্ৰতিমা স্থাপন কৰক। ইয়াৰ পিছত এটা কলহ স্থাপন কৰক। কলহৰ ওপৰত নাৰিকল আৰু পাণৰ ৰাখি এক স্বাস্তিক বনাওক। ইয়াৰ পিছত কলহৰ কাষত অখণ্ড জ্যোতি জলাই ‘ঔম এং হ্ৰিং ক্লীং চামুণ্ডায় ৱিচ্চে ঔম শৈলপুত্ৰী দেৱীয়ে নমঃ’ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত মাক বগা ফুলৰ মালা অৰ্পণ কৰক। তাৰ পিছত মাক বগা ৰঙৰ ভোগ যেনে ক্ষীৰ বা মিঠাই আগবঢ়াওক। ইয়াৰ পিছত মাতাৰ কথা শুনি তেওঁৰ আৰতি কৰক। সন্ধিয়া মাৰ সন্মুখত কৰ্পুৰ জ্বলাই প্ৰাৰ্থনা কৰক।

ঘট স্থাপনৰ বাবে শুভ মুহূৰ্ত

নৱৰাত্ৰিৰ প্ৰথম দিনটোত কলহ বা ঘট স্থাপন কৰাৰ সময়ত শুভ মুহুৰ্তৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন। আজি ঘট স্থাপনৰ শুভ মুহূৰ্ত পুৱা ৬ বাজি ১৭ মিনিটৰ পৰা পুৱা ৭ বাজি ৭ মিনিটলৈ। এই শুভ মুহূৰ্তত ঘট স্থাপনা কৰিলে নৱৰাত্ৰি বহুত ফলদায়ক হয়।




 (Disclaimer: এই লিখনিত সন্নিৱিষ্ট তথ্য মান্যতাৰ ওপৰত আধাৰিত। News18 অসমে ইয়াৰ নিশ্চিতি প্ৰদান নকৰে।)

Published by:Sanjay Kumar Das
First published: