প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানত শ্বাহৰুখ খানে ভোটাৰৰ বাবে বনালে বিশেষ ভিডিঅ’

শ্বাহৰুখ খানে নিজৰ ইনষ্টাগ্ৰামত দুটা মিউজিকেল ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’ৰ জৰিয়তে শ্বাহৰুখ খানে ভোটাৰসকলক ভোট দিবলৈ আহ্বান জনাইছে।

news18assam
Updated:April 22, 2019, 5:49 PM IST
প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানত শ্বাহৰুখ খানে ভোটাৰৰ বাবে বনালে বিশেষ ভিডিঅ’
শ্বাহৰুখ খানে নিজৰ ইনষ্টাগ্ৰামত দুটা মিউজিকেল ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’ৰ জৰিয়তে শ্বাহৰুখ খানে ভোটাৰসকলক ভোট দিবলৈ আহ্বান জনাইছে।
news18assam
Updated: April 22, 2019, 5:49 PM IST
দেশজুৰি এতিয়া নিৰ্বাচনৰ গৰম বতাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱশক্তি আৰু দেশবাসীক ভোট দিবলৈ অহৰহ আহ্বান জনাইছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ছচিয়েল মিডিয়াত দেশৰ ছবি, সাংস্কৃতিক, খেল জগতৰ ৰথী–মহাৰথীক টুইটযোগে নিজৰ অনুৰাগীসকলক বুজাবলৈ আহ্বান জনাইছিল যাতে জনসাধাৰণে ভোট দিবলৈ ভোটকেন্দ্ৰলৈ আহে।

টুইটাৰত প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ তালিকাত ৰণবীৰ সিং, শ্বাহৰুখ খান, ছলমান খানকে ঘৰি বলীউদৰ বহু তাৰকাৰ নাম আছিল। এই আহ্বানৰ পিছতে শীঘ্ৰে ছলমান খানৰ লগতে আন কেইবাগৰাকীও তাৰকাই টুইটাৰ আৰু আন ছচিয়েল মিডিয়াত অনুৰাগীসকলক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছিল।

আমিৰ খানে এক সাক্ষাৎকাৰত অনুৰাগীসকলক ভোট দিবলৈ আহ্বান জনাইছিল যদিও স্পষ্টকৈ কৈছিল যে তেওঁ কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰে।

বলীউদৰ দুই খানৰ পিছত এইবাৰ ৰোমাঞ্চৰ বাদশ্বাহ শ্বাহৰুখ খানেও ভোটাৰক ভোটদান কৰিবলৈ আহ্বান জনাই এক নতুন পদক্ষেপ লৈছে।

শ্বাহৰুখ খানে নিজৰ ইনষ্টাগ্ৰামত দুটা মিউজিকেল ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’ৰ জৰিয়তে শ্বাহৰুখ খানে ভোটাৰসকলক ভোট দিবলৈ আহ্বান জনাইছে।




ইনষ্টাগ্ৰামত শ্বাহৰুখ খানে নিৰ্বাচনী পৰিৱেশ আৰু ভোটাৰৰ বাবে দুটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে তেওঁৰ কিছু পলম হ’ল।

শ্বাহৰুখ খানে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক নিজৰ সৃষ্টিৰ জৰিয়তে ভোটাৰক বুজাবলৈ কৈছিল। মোদীৰ আহ্বানক অগতানুগতিকভাৱে উপস্থাপন কৰাৰ বাবেই কিছু পলম হ’ল।

ইউটিউবতো শ্বাহৰুখ খানৰ এই ভিডিঅ’ই ব্যাপক সঁহাৰি লাভ কৰিছে। কিং খানৰ এই বাৰ্তাই তেওঁৰ অনুৰাগীসকলক নিশ্চয় প্ৰভাৱিত কৰিব আৰু ভোটাৰক ভোটকেন্দ্ৰলৈ আনিব বুলি আশা কৰা হৈছে।

আৰু চাওক পৰৱৰ্তী বাতৰি