দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্বাহিদৰ মুখত পৰিছে ১৩টাকৈ চিলাই। চণ্ডীগঢ়ত ততাতৈয়াকৈ উপস্থিত হৈছে পত্নী মীৰা কাপুৰ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্বাহিদৰ মুখত পৰিছে ১৩টাকৈ চিলাই। চণ্ডীগঢ়ত ততাতৈয়াকৈ উপস্থিত হৈছে পত্নী মীৰা কাপুৰ।
শ্বুটিঙৰ সময়ত এটা ভয়ংকৰ দুৰ্ঘটনাত আক্ৰান্ত হৈছে বলিউড তাৰকা শ্বাহিদ কাপুৰ। ছবিৰ শ্বুটিঙৰ সময়ত শ্বাহিদে পোৱা আঘাত ইমান গুৰুতৰ যে তেওঁৰ মুখখন বেয়াকৈ ফাটিছে। হাস্পতালত শ্বাহিদৰ মুখত ১৩টাকৈ চিলাই পৰিছে। এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে পত্নী মীৰা কাপুৰ শ্বাহিদৰ ওচৰত উপস্থিত হৈছে। নতুন চিনেমা ‘জাৰ্চি’ৰ শ্বুটিঙৰ সময়ত শ্বাহিদে এই আঘাতৰ সন্মুখীন হয়। দিনে–নিশাই অতি কঠিন পৰিশ্ৰম কৰা শ্বাহিদে এটা বিশেষ দৃশ্যৰ দৃশ্যায়নৰ সময়ত তীব্ৰ গতিৰে অহা এটা বলৰ সন্মুখীন হয়। ইয়াৰ ফলত তেওঁৰ তলৰ ওঠটো বেয়াকৈ ফাটি যায়। এই কটা ওঠৰ পৰা বেয়াকৈ তেজ ওলাই অহাৰ ফলত ঠুতৰিটো ফুলি যায়।
সদ্যহতে তেওঁ শ্বুটিঙত অংশ ল’ব নোৱাৰে আৰু পাঁচদিন পিছতহে তেওঁৰ অৱস্থাৰ বিষয়ে চিকিৎসকে জনাব পাৰিব।‘জাৰ্চি’ চিনেমাখনত শ্বাহিদৰ পিতৃ পংকজ কাপুৰে তেওঁৰ মেণ্টৰৰ চৰিত্ৰত অভিনয় কৰিছে। অভিনেত্ৰী মৃণাল ঠাকুৰেও এটা গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে ছবিখনত।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|