কাপোৰ নিপিন্ধাকৈ খাদ্য প্ৰস্তুত কৰি লাখ টকা উপাৰ্জন কৰিছে এইগৰাকী ইউটিউবাৰে!

টেক্সাছৰ এইগৰাকী মহিলাই নিজৰ খাদ্য প্ৰস্তুতৰ ভিডিঅ’সমূহৰ অধিকাংশতে মাত্ৰ এপ্ৰন পিন্ধি থকা দেখা যায়।

News18-Assam
Updated:October 22, 2019, 12:48 PM IST
কাপোৰ নিপিন্ধাকৈ খাদ্য প্ৰস্তুত কৰি লাখ টকা উপাৰ্জন কৰিছে এইগৰাকী ইউটিউবাৰে!
টেক্সাছৰ এইগৰাকী মহিলাই নিজৰ খাদ্য প্ৰস্তুতৰ ভিডিঅ’সমূহৰ অধিকাংশতে মাত্ৰ এপ্ৰন পিন্ধি থকা দেখা যায়।
News18-Assam
Updated: October 22, 2019, 12:48 PM IST
ইউটিউবত কেবল চেলিব্ৰিটী শ্বেফসকলেই ধন উপাৰ্জন কৰি থকা নাই। বৰ্তমান এই প্লেটফৰ্মত এনে কিছুমান ইউটিউবাৰ আহিছে, যিসকলে বিভিন্ন ধৰণেত খাদ্য প্ৰস্তুত কৰি দৰ্শকক আকৰ্ষিত কৰিছে। এনেকুৱা এগৰাকী সফল ইউটিউবাৰ হৈছে ৰুবী ডে। ৰুবী ডে’ৰ ইউটিউব চেনেলটোৰ আচে ৪,৬৫,০০০তকৈ অধিক ছাবস্ক্ৰাইবাৰ আৰু ৯৯ মিলিয়নতকৈ অধিক ভিউজ।

টেক্সাছৰ এইগৰাকী মহিলাই নিজৰ খাদ্য প্ৰস্তুতৰ ভিডিঅ’সমূহৰ অধিকাংশতে মাত্ৰ এপ্ৰন পিন্ধি থকা দেখা যায়। বহু লোকে মহিলাগৰাকীৰ যৌন আবেদনময়ী ৰূপৰ বাবে তেওঁৰ ভিডিঅ’ৰ প্ৰতি আকৰ্ষিত হয়। মহিলাগৰাকীৰ ভিডিঅ’সমূহৰ কমেণ্ট চালেই এই কথা জানিব পাৰি। কিন্তু ইউটিউব ছেনজেচন ৰুবীৰ মতে, এয়া তেওঁৰ উদ্দেশ্য নহয়।



নিজৰ চেনেলত অশ্লীল ভিডিঅ’ আপলোড কৰাৰ অভিযোগত ইউটিউবে ডিমনিটাইজড কৰিছিল ৰুবীৰ চেনেল। অৰ্থাৎ ইউটিউবৰ পৰা উপাৰ্জন বন্ধ হৈ গৈছিল। তাৰ পিছতে ৰুবীয়ে নিজৰ ভিডিঅ’সমূহ পেট্ৰিয়ান পেজত পোষ্ট কৰি ধন উপাৰ্জন কৰাৰ পথ মুকলি কৰি লয়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি