Sexual Wellness : সতীচ্ছেদ নোহোৱাটোৱেই কুমাৰীত্বৰ লক্ষণ নেকি? সমাজত প্ৰচলিত ভুল ধাৰণাক লৈ কি কয় বিশেষজ্ঞই?

News18 Assam | News18-Assam
Updated:March 22, 2021, 4:06 PM IST
Sexual Wellness : সতীচ্ছেদ নোহোৱাটোৱেই কুমাৰীত্বৰ লক্ষণ নেকি? সমাজত প্ৰচলিত ভুল ধাৰণাক লৈ কি কয় বিশেষজ্ঞই?
আমাৰ ভাৰতীয় সমাজত সতীচ্ছেদ অৰ্থাৎ হাইমেন জীয়াই থকাটোকে কুমাৰীত্বৰ লক্ষণ বুলি গণ্য কৰা হয়।

আমাৰ ভাৰতীয় সমাজত সতীচ্ছেদ অৰ্থাৎ হাইমেন জীয়াই থকাটোকে কুমাৰীত্বৰ লক্ষণ বুলি গণ্য কৰা হয়।

  • Share this:
মহিলাৰ সতীচ্ছেদ অৰ্থাৎ হাইমেন ভঙাৰ কোনো সৰ্বশ্ৰেষ্ট উপায় নাই। ই কোনো আপুনি এক নিৰ্দিষ্ট বা নিৰ্ধাৰিত ধৰণে ভাঙি পেলাব পৰা আচবাব নহয়। নিশ্চয়কৈ কুমাৰীত্ব আৰু সতীচ্ছেদক লৈ সাংস্কৃতিকভাৱে বহু কথাই অতিৰঞ্জিত কৰি কৈ অহা হৈছে। সমাজৰ একাংশৰ মাজত আছে ভুল ধাৰণা। আমাৰ সমাজত এনে বহু পুৰুষ আছে যিয়ে প্ৰথমবাৰৰ যৌন সম্ভোগ কৰিব বিচাৰে এনে এগৰাকী পত্নীৰ সৈতে যাৰ কুমাৰীত্ব ভংগ হোৱা নাই , অৰ্থাৎ তেওঁ নিজেই যাতে সেয়া ভংগ কৰাৰ সুখ লাভ কৰিব পাৰে।

কুমাৰীত্বক অত্যধিক গুৰুত্ব প্ৰদান কৰি অহা হৈছে। আমাৰ ভাৰতীয় সমাজত সতীচ্ছেদ অৰ্থাৎ হাইমেন জীয়াই থকাটোকে কুমাৰীত্বৰ লক্ষণ বুলি গণ্য কৰা হয়। প্ৰচলিত আছে যিসকলৰ কুমাৰীত্ব ভংগ হোৱা নাই সেই সকলো ছোৱালীৰ হাইমেন বাছি থাকে, ভংগ হোৱা নাই।

কিন্তু এতিয়া এইটো চিনাক্ত কৰাৰ সময় আহি পৰিছে কুমাৰীত্ব সমাজৰ পৰিকল্পিত এক অৱস্থাহে, চিকিৎসাৰ অৱস্থা নহয়। গৱেষণাই দেখুৱাইছে যে এগৰাকী যুৱতীৰ কুমাৰীত্বৰ সৈতে হাইমেনৰ উপস্থিতি, অনুপস্থিতিৰ কোনো সম্পৰ্ক নাই। লগতে কোনো এগৰাকী যুৱতীৰ ক্ষেত্ৰত হাইমেন থকাৰ অৰ্থ এয়া নহয় যে তেওঁৰ কুমাৰীত্ব ভংগ হোৱা নাই।

বহু সময়ত গধূৰ শাৰীৰিক পৰিশ্ৰমৰ বাবে হাইমেন ভাঙি যায়। যেনে ঘোঁৰা চলোৱা, গছ বগোৱা, নৃত্য কৰা, ব্যায়াম, সংগম কৰা, মৌখিক যৌন সম্ভোগ কৰা বা যোনিত আঙুলি চলোৱা ইত্যাদি। কেতিয়াবা হাইমেন নভঙাকৈয়ে যৌন কাৰ্যত লিপ্ত হ'ব পাৰি। এয়া এটা অতি ডাঙৰ পৌৰাণিক কাহিনী যে প্ৰথম যৌন সম্ভোগৰ সময়ত হাইমেন ভাঙি যোৱাৰ বাবে যোনিৰ ৰক্তক্ষৰণ হয়।

হাইমেন কোনো ডাঠ ছাল নহয়, ই হৈছে অতি পাতল কোষৰ আৱৰণ যি যোনিৰ বাহিৰত ইয়াৰ মুখ অংশক আংশিক বা সম্পূৰ্ণৰূপে আৱৰি ৰাখে। ই এক পাতল ছিদ্ৰযুক্ত আৱৰণ যাৰ জৰিয়তে ঋতুস্ৰাৱৰ সময়ত তেজ ওলাই আহে। আকৰ্ষণীয়ভাৱে বহু মহিলাৰ ক্ষেত্ৰত জন্মৰ পৰা এই আৱৰণ নাথাকে আৰু বহু মহিলাৰ ক্ষেত্ৰত এয়া থাকিলেও যৌন সম্ভোগৰ প্ৰথম অভিজ্ঞতাৰ পূৰ্বেই এয়া ভাঙি যায়।

যৌন সম্ভোগৰ সময়ত মহিলাগৰাকীৰ শৰীৰে পুৰুষ শৰীৰৰ পৰা সম্পূৰ্ণ পৃথকভাৱে কাম কৰে। এইটো গুৰুত্বপূৰ্ণ যে আপুনি সম্ভোগৰ পূৰ্বেই উত্তেজিত কৰিব পৰা কিছু কাৰ্যকলাপ কৰক যাতে নিগৰণৰ বাবে যোনিৰ ভিতৰৰ অংশ তিতি যায়। ধৈৰ্য্যসহকাৰে আৰু সম্পূৰ্ণ সময় দি নিজৰ মহিলা সংগীক চুমা, আলিংগন আৰু স্পৰ্শ কৰাৰ লগতে তেওঁৰ বিভিন্ন অংগত হাত বোলোৱা ভাল সহবাসৰ আদৰ্শ।

যৌন সম্ভোগৰ সময়ত কেইবাটাও কাৰণত বিষ অনুভৱ হ'ব পাৰে। আগতীয়া অনুমতি অবিহনে কঠোৰ সম্ভোগ আৰু সেইটোৱেও কোনো ফৰপ্লে অবিহনে, যি যৌনাংগৰ ক্ষতি কৰিব পাৰে। যদি যৌন সম্ভোগৰ সময়ত যোনি পৰ্যাপ্তভাৱে তিতা নাই আৰু যদি মূত্ৰাশয়ত কোনো সংক্ৰমণ হয় বা মহিলাগৰাকীৰ লেটেক্স কণ্ডমৰ প্ৰতি এলাৰ্জী হয় তেন্তে এইসমূহ কাৰণৰ বাবে যৌন সম্ভোগৰ ফলত বিষ হ'ব পাৰে।

যদি আপুনি প্ৰথম যৌন সম্ভোগৰ সময়ত মহিলা সংগীৰ হাইমেন ভাঙি যোৱাৰ ফলত হোৱা বিষক লৈ উদ্বিগ্ন হয়, তেন্তে আপোনাৰ মহিলা সংগীক সহবাসৰ পূৰ্বেই পিনিট্ৰিয়েটিভ হস্তমৈথুন চেষ্টা কৰিবলৈ কওক, কিয়নো ইয়াৰ দ্বাৰা হাইমেন ভাঙি যোৱাৰ আশংকা হ্ৰাস হ'ব আৰু যোনিৰ চাৰিওফালে লগতে লিংগ ওপৰত পানী আধাৰিত লুব্ৰিকেণ্টচ ব্যৱহাৰ কৰিব। সহবাসৰ সময়ত আপোনাৰ গতি ধীৰ কৰি ৰাখিব। কোনো ধৰণৰ খৰধৰ নকৰিব। নিশ্চিত কৰক যে আপুনি আবেগিকভাৱে ইয়াৰ বাবে প্ৰস্তুত আৰু আপোনাৰ উত্তেজনা শীৰ্ষত আছে। আপুনি কেনে অনুভৱ কৰি আছে সদায়েই সেয়া আপোনাৰ সংগীক জনাওক।

সম্ভোগৰ পিছত, পৰিষ্কাৰ কাপোৰত বৰফ মেৰিয়াই যোনিৰ ওপৰত ৰাখক আৰু বিষ শেষ নোহোৱা পৰ্যন্ত পুনৰ যৌন সম্ভোগত লিপ্ত নহ'ব। যদি ইয়াৰ পিছতো আপোনাৰ অধিক ৰক্তক্ষৰণ হয় বা বিষ হয়, তেন্তে এগাৰকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।
Published by: Sanjay Kumar Das
First published: March 17, 2021, 6:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি