আলিংগন মানেই যৌনতা নেকি? আনক আলিংগন কেনেকৈ কৰিব লাগে?

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:14 PM IST
আলিংগন মানেই যৌনতা নেকি? আনক আলিংগন কেনেকৈ কৰিব লাগে?
এই কথা সহজে নিৰ্ধাৰণ কৰিব পাৰি। এই কথা নিৰ্ধাৰণ কৰিবলৈ কোনো ফৰ্মূলা নাথাকে, যাৰ জৰিয়তে ক’ব পৰা যায় যে এই আলিংগন ছেক্সুৱেল হয়নে নহয়।

এই কথা সহজে নিৰ্ধাৰণ কৰিব পাৰি। এই কথা নিৰ্ধাৰণ কৰিবলৈ কোনো ফৰ্মূলা নাথাকে, যাৰ জৰিয়তে ক’ব পৰা যায় যে এই আলিংগন ছেক্সুৱেল হয়নে নহয়।

  • Share this:
আলিংগনৰ প্ৰকৃতি ছেক্সুৱেল হয় নেকি? কাৰোবাক আলিংগন কৰাৰ পৰা কেতিয়া বিৰত থাকিব লাগে? কেনেকৈ জানিব পাৰিব কাৰোবাক আলিংগন কৰিলে ভাল পাবনে নাপায়? এই প্ৰশ্নৰ উত্তৰত বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে সমিধান দিয়ে এইদৰে।

আলিংগন কৰা মানেই যৌনতা নহয়। সেয়া নিৰ্ভৰ কৰে আপুনি কাক আলিংগন কৰিছে আৰু কিদৰে আৰু কি পৰিস্থিতিত কৰিছে। কিছুমান আলিংগনৰ প্ৰকৃতি ছেক্সুৱেল হয়, যদিহে আপুনি বহুত অন্তৰংগভাৱে কাৰোবাক আলিংগন কৰিছে আৰু দ্বিতীয় ব্যক্তিৰ শৰীৰৰ সকলো স্থানত স্পৰ্শ কৰিছে, আনকি অনুচিত স্থানতো। যদি কোনো আলিংগন অস্বস্তিৰ পৰ্যায়ৰ অধিক সময়লৈ চলে, তেন্তে ইয়াক যৌন সংকেত বুলি ক’ব পাৰি। আপুনি শৰীৰৰ ভাষাৰ ওপৰত নজৰ ৰাখিব লাগিব।

এই কথা সহজে নিৰ্ধাৰণ কৰিব পাৰি। এই কথা নিৰ্ধাৰণ কৰিবলৈ কোনো ফৰ্মূলা নাথাকে, যাৰ জৰিয়তে ক’ব পৰা যায় যে এই আলিংগন ছেক্সুৱেল হয়নে নহয়। আটাইতকৈ সুৰক্ষিত পদ্ধতি হ’ল যদি আপুনি কোনো ব্যক্তিক ভালদৰে নাজানে আৰু আপুনি নাজানে যে তেওঁ আলিংগন কৰিলে কি ধৰণে ল’ব, তেন্তে কাষৰ পৰা তেওঁক আলিংগন কৰক। এনেধৰণৰ পৰিস্থিতিত কাষৰ পৰা আলিংগন কৰাটো খুব বিনম্ৰতা, কোমলতা আৰু সুৰক্ষিত হয়।

যদি সন্মুখৰজনে ইয়াৰ উত্তৰত দুয়ো বাহু মেলি দিয়ে তেন্তে আপুনি কাষৰ পৰা আলিংগন কৰাৰ পৰিৱৰ্তে উচিত পদ্ধতিৰে আলিংগন কৰিব পাৰে। যদি কোনোৱে আপোনাৰ সৈতে আলিংগন কৰিব বিচাৰে আৰু আপুনি এই প্ৰস্তাৱত উৎসাহিত নহয়, তেন্তে আপুনি হাতখন আগবঢ়াই দিব পাৰে বা কান্ধিত লাহে লাহে থপৰিয়াই দিব পাৰে। কান্ধত থপৰিয়াই দিলে আৰু হাত মিলালে আপুনি বন্ধুত্বপূৰ্ণ ব্যৱহাৰ বজাই ৰাখিব পাৰিব।

যদি আলিংগনৰ ফলত কোনো সময়ত আপুনি অসহজ অনুভৱ কৰে তেন্তে আপুনি সেই লোকজনক নিজৰ হাতেৰে লাহেকৈ আঁতৰাই দিব পাৰে, যাতে তেওঁ বুজি পায় আরু ভৱিষ্যতে দ্বিতীয়বাৰ আপোনাৰ সৈতে এনেধৰণৰ চেষ্টা নকৰে। আলিংগন বিপজ্জনক হ’ব পাৰে কিন্তু যদি আপুনি সাৱধান হয় তেন্তে ইয়াক ভালকৈ বুজিব পাৰিব।
Published by: Sanjay Kumar Das
First published: February 26, 2021, 8:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি