বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক কিমান নিৰাপদ? জনালে বিশেষজ্ঞই

বিশেষজ্ঞা পল্লৱী বাৰ্নৱালে বিয়াৰ পূৰ্বে যৌন সম্পৰ্ক আৰু ইয়াৰ সামাজিক আপত্তিৰ দিশটো বিশ্লেষণ কৰিছে।
বিশেষজ্ঞা পল্লৱী বাৰ্নৱালে বিয়াৰ পূৰ্বে যৌন সম্পৰ্ক আৰু ইয়াৰ সামাজিক আপত্তিৰ দিশটো বিশ্লেষণ কৰিছে।
- News18 Assam
- Last Updated: January 7, 2021, 4:49 PM IST
বিশেষজ্ঞা পল্লৱী বাৰ্নৱালে বিয়াৰ পূৰ্বে যৌন সম্পৰ্ক আৰু ইয়াক লৈ সমাজৰ আপত্তিৰ সন্দৰ্ভত বিশ্লেষণ আগবঢ়াইছে। তেওঁ এই প্ৰসংগত নাম প্ৰকাশ নকৰি এজন ব্যক্তিৰ কথা কৈছে। সেই ব্যক্তিজনে জানইছে যে, আধুনিক হৈ উঠিলেও বিয়াৰ পূৰ্বে যৌন সম্পৰ্কক সমাজে এতিয়াও ভাল দৃষ্টিৰে নাচায়।
সৰ্ব প্ৰথমে পল্লৱীয়ে তুলি ধৰিছে, পবিত্ৰতাৰ প্ৰচলিত সংজ্ঞাৰ কথা। জনাইছে যে, প্ৰাচীন কালৰ পৰাই যৌনতাক বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত শাৰীৰিক পৰিত্ৰতা বুলি গণ্য কৰা হয়। স্বামীয়েই হওক বা অন্য পুৰুষেই হওক, এই ধাৰণাৰ পৰাই বিয়াৰ পূৰ্বে যৌন সম্পৰ্কলৈ সৰব হয় সমাজ।
বিয়াৰ পূৰ্বে যৌন সম্পৰ্ক স্থাপনৰ ফলত সন্তান জন্ম হ’লে, সম্পত্তিৰ ভাগ বিচাৰিব। সেই কাৰণে সমাজে এনে কিছু নিয়ম বান্ধি দিলে বুলি ক’ব বিচাৰে পল্লৱী বৰ্নৱালে।
এইবোৰ ধাৰণা আধুনিক যুগত মানি চলাৰ কোনো প্ৰয়োজন নাই। কিন্তু বিষয়টোত মাত্ৰ সাৱধান হ’লেই হ’ল। সম্পৰ্ক কেতিয়া নেতিবাচক দিশলৈ যায়, সেয়া কোনেও ক’ব নোৱাৰে। এই ক্ষেত্ৰত বিয়াৰ পূৰ্বে যৌন সম্পৰ্ক স্থাপন কৰি কোনো মহিলা যদি গৰ্ভৱতী হয়, তেন্তে ই মহিলাগৰাকীক শাৰীৰিক বা মানসিত ভাবে সমস্যাত পেলাব পাৰে। ইয়াক উপৰিও বিভিন্ন যৌন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।