মানুহৰ পদ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ কথা নতুন নহয়। এনে পৰিস্থিতিত, মানুহে তেওঁলোকৰ নিয়ন্ত্রণত থকা আনসকলক মানুহ বুলিয়েই গণ্য নকৰে। একাংশ লোক ক্ষমতাৰ প্ৰতি ইমান আগ্ৰহী হৈ পৰে আৰু প্ৰায়ে এনে এক জঘন্য কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে।
সম্প্ৰতি এখন হাস্পতালৰ এগৰাকী ছিনিয়ৰ ডাক্তৰে তেওঁৰ অধীনত কাম কৰা জুনিয়ৰ ডাক্তৰক শাস্তি দিয়াৰ নামত নগ্ন কৰিবলৈ বাধ্য কৰিলে। ডাঃ এডউইন চন্দ্ৰহৰণে পৰীক্ষা লোৱাৰ সময়ত প্ৰেজেণ্টেশ্যন সঠিক ভাবে কৰিব নোৱাৰাৰ বাবে এগৰাকী জুনিয়ৰ ডাক্তৰক পৰিধান কৰা কাপোৰ খুলিবলৈ কয়। এই ঘটনা পোহৰলৈ অহাৰ পিছতে ডাঃ চন্দ্ৰহৰণক বৰ্খাস্ত কৰা হয়। কিন্তু পিছত অভিযুক্ত চিকিৎসকে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপিত কৰে।
ডৰছেটত প্ৰশিক্ষণ লোৱাৰ সময়ত, প্ৰেজেণ্টেচন অনুশীলনৰ বাবে, চন্দ্ৰহৰণে কনিষ্ঠ মহিলা চিকিৎসকগৰাকীক তেওঁৰ হোটেলৰ কোঠালৈ মাতিছিল। আৰু শাস্তি দিয়াৰ নামত অশ্লীল আচৰণ কৰাৰ চেষ্টা কৰে। এই ঘটনাৰ পিছতে আন এটা ঘটনা পোহৰলৈ আহে। এগৰাকী ভুক্তভোগীয়ে জনাই যে, কণচালটেণ্ট গাইনোকোলজিষ্ট চন্দ্ৰহৰণে তেওঁক মাজে মাজে বডী মাছাজ কৰিবলৈ কৈছিল। ইয়াৰ পূৰ্বেও সেই লোকজনে এগৰাকী মহিলা ডাক্তৰক তেওঁৰ সৈতে হোটেলৰ কোঠা শ্বেয়াৰ কৰিবলৈ বাধ্য কৰিছিল।
আন এটা ঘটনাৰ সময়ত এজন কনিষ্ঠ চিকিৎসকে হোটেলৰ কোঠাত কাম কৰি থাকোতে চন্দ্ৰহৰণে পিছফালৰ পৰা তেওঁৰ ডিঙি মাছাজ কৰিবলৈ আৰম্ভ কৰে। অস্বস্তিত পৰি কনিষ্ঠ চিকিৎসকগৰাকীয়ে চৰ শোধাইছিল চন্দ্ৰহৰণক। দুয়োগৰাকী ক্ষোভিত মহিলা চিকিৎসকে উক্ত ঘটনাৰ বিৰুদ্ধে মাত মাতিছিল আৰু আন মহিলাৰ সমৰ্থনত হোৱাটছএপ গ্ৰুপত চন্দ্ৰহৰণৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল।
আৰু তাৰ পিছতে ডাঃ এডউইন চন্দ্ৰহৰণক ২০২০ চনৰ ফেব্ৰুৱাৰীত দক্ষিণ লণ্ডনৰ ছেইণ্ট জৰ্জ ইউনিভাৰ্চিটি হস্পিটেলচ এন এইচ এছ ফাউণ্ডেচন ট্ৰাষ্টৰ পৰা নিলম্বিত কৰা হৈছিল। কাৰণটো আছিল এগৰাকী মহিলা চিকিৎসকৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 13, 2022, 09:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।