কোৰোণাকালীন সংকটৰ সময়তে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বেংকে আনিছে উপহাৰ। জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বেংকে প্ৰদান কৰি আছে বিশেষ FD (Senior citizens special fixed deposit)ৰ সুবিধা। যি সুবিধা আপুনি চলিত বছৰৰ ৩০ জুনলৈকেহে ল'ব পাৰিব।
এই বিশেষ ফিক্সড ডিপোজিটত গ্ৰাহকসকলে নিয়মীয়া FDতকৈ অধিক সুতৰ লাভ কৰিব। সেয়েহে যদি আপুনি এগৰাকী জ্যেষ্ঠ নাগৰিক আৰু আপুনি এই মুহূৰ্তত এটা ফিক্সড ডিপোজিট(FD) লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি জানি লওক SBI, HDFC Bank,ICICI Bank আৰু বেংক অফ বৰোদা (Bank of Baroda)ত FDৰ সুতৰ হাৰৰ বিষয়ে।
ইপিনে বেংক অফ বৰোদা (BoB)য়ে জ্যেষ্ঠ নাগৰিকসকলক এই জমাৰ ওপৰত ১০০ বিপিএছ অধিক প্ৰদান কৰে। বিশেষ এই FD আঁচনিৰ অধীনত (৫ বছৰৰ পৰা ১০ বছৰলৈ) কৰা জমাত বেংকটোৱে ৬.২৫% সুতৰ হাৰ প্ৰদান কৰি আছে।