বিৰাট কোহলীক সুস্থ দেখাইছে আৰু ইয়াৰ কাৰণ হৈছে তেওঁ শৃংখলাবদ্ধ আহাৰ পৰিকল্পনা অনুসৰণ কৰে। তেওঁৰ আহাৰৰ বিষয়ে কথা পাতি বিৰাট কোহলীয়ে কয় যে, "মই কি কৰিম আৰু কি নকৰিম সেয়া একেবাৰে সৰল- মোৰ খাদ্যত কোনো পৰিশোধিত চেনী নাই, গ্লুটেন নাই," লগতে কয় যে "মই যিমান সম্ভৱ দুগ্ধজাত সামগ্ৰী পৰিহাৰ কৰোঁ। আন এটা কৌশলে মোক মোৰ স্বাস্থ্য নিয়ন্ত্ৰণত ৰখাত সহায় কৰিছে সেয়া হ'ল মোৰ পেটৰ ক্ষমতাৰ ৯০ শতাংশ খোৱা।"
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক শেহতীয়া সাক্ষাৎকাৰত ক্ৰিকেটাৰজনে এইদৰে কয় যে "এটা সময় আছিল যেতিয়া মই আহাৰ আৰু ফিটনেছৰ ওপৰত গুৰুত্ব দিয়া নাছিলো, কিন্তু শেহতীয়া বছৰবোৰত মই সঁচাকৈয়ে মোৰ খোৱাৰ অভ্যাস সলনি কৰিছো আৰু অধিক শৃংখলাবদ্ধ হৈ পৰিছো। মই সদায় মোৰ খাদ্য গ্ৰহণৰ বিষয়ে সচেতন হৈ থাকিবলৈ চেষ্টা কৰোঁ। মোৰ বাবে কি কৰিব নালাগে সেয়া একেবাৰে সৰল: কোনো পৰিশোধিত চেনী নাই, গ্লুটেন নাই। মই যিমান সম্ভৱ দুগ্ধজাত সামগ্ৰী পৰিহাৰ কৰোঁ। আন এটা কৌশল যি মোক মোৰ স্বাস্থ্য নিয়ন্ত্ৰণত ৰখাত সহায় কৰিছে সেয়া হ'ল মোৰ পেটৰ ক্ষমতাৰ ৯০% লৈকে খোৱা। মোৰ দৰে ভোজনৰ বাবে, এই সকলোবোৰ সহজ নহয় কিন্তু দিনটোৰ শেষত, যেতিয়া আপুনি আপোনাৰ শৰীৰত ইতিবাচক পৰিৱৰ্তন দেখা আৰম্ভ কৰে, স্বাস্থ্যৱান হৈ থকাটো সঁচাকৈয়ে এক আসক্তি হৈ পৰে।"
Published by: Subham Goswami
FIRST PUBLISHED : August 18, 2022, 12:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।