লগতে ভাৰতীয় ষ্টেট বেংকে কৈছে যে যদি আধাৰ আৰু পেন লিংক নকৰে তেন্তে পেন নম্বৰ নিষ্ক্ৰিয় হৈ পৰিব।
লগতে ভাৰতীয় ষ্টেট বেংকে কৈছে যে যদি আধাৰ আৰু পেন লিংক নকৰে তেন্তে পেন নম্বৰ নিষ্ক্ৰিয় হৈ পৰিব।
ভাৰতীয় ষ্টেট বেংক (State Bank of India)ৰ গ্ৰাহকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। বেংকে একাউণ্টৰ গৰাকীসকলক PAN-Aadhaar card ৩০ ছেপ্টেম্বৰৰ ভিতৰত লিংক কৰিবলৈ পৰামৰ্শ দিছে। বেংকে কৈছে যে যদি আপুনি এই কাম সময়মতে নকৰে তেন্তে আপোনাৰ বেংকিং সেৱা বাধাগ্ৰস্ত হ’ব পাৰে। ভাৰতীয় ষ্টেট বেংকে নিজৰ অফিচিয়েল ৱেবছাইটত এই কথা সদৰি কৰিছে।
লগতে ভাৰতীয় ষ্টেট বেংকে কৈছে যে যদি আধাৰ আৰু পেন লিংক নকৰে তেন্তে পেন নম্বৰ নিষ্ক্ৰিয় হৈ পৰিব। সেইবাবে বেংকে গ্ৰাহকসকলক আধাৰ আৰু পেন কাৰ্ড সময়মতে লিংক কৰি ল’বলৈ পৰামৰ্শ দিছে। ইয়াৰ বাবে অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে।
যদি আপুনি ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিজৰ KYC নকৰায়, তেন্তে আপোনাৰ সৈতে কি হ’ব? এছবিআয়ে কৈছে যে KYC নকৰালে আপোনাৰ বেংক একাউণ্ট ছাছপেণ্ড হ’ব পাৰে আৰু আপোনাৰ একাউণ্টৰ জমা টকা ফ্ৰীজ হ’ব পাৰে। আপুনি সেই পইচা উলিয়াব নোৱাৰিব। লগতে আপুনি কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা আৰু ৰাজসাহায্য নাপাব।
SBI–এ কৈছে যে যদি আপুনি বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ লিংক কৰিছে তেন্তে দুবাৰ কৰাৰ প্ৰয়োজন নাই। চৰকাৰে প্ৰথমবাৰ জুলাই ২০১৭ত পেন আৰু আধাৰ লিংক কৰাৰ ডেডলাইন নিৰ্ধাৰণ কৰিছিল। পিছত কেইবাবাৰো ইয়াৰ সময়সীমা বৃদ্ধি কৰিছে।
পেন আৰু আধাৰ লিংক কৰাৰ দুটা প্ৰক্ৰিয়া আছে। প্ৰথমটো SMS আৰু দ্বিতীয়টো ইনকাম টেক্সৰ ৱেবছাইটত গৈ কৰিব পাৰে। যদি আপুনি SMSৰ জৰিয়তে পেন আৰু আধাৰ লিংক কৰিব বিচাৰে, তেন্তে UIDPAN<স্পেচ>১২টা অংকৰ আধাৰ নম্বৰ <স্পেচ> ১০টা অংকৰ পেন নম্বৰ লিখি 567678 বা 56161 নম্বৰত SMS কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|