১ জুলাইৰ পৰা SBI এ সলনি কৰিব এই নিয়ম, ৪২ কোটি গ্ৰাহকৰ ওপৰত পৰিব প্ৰভাৱ

News18-Assam
Updated:June 8, 2019, 2:02 PM IST
১ জুলাইৰ পৰা SBI এ সলনি কৰিব এই নিয়ম,  ৪২ কোটি গ্ৰাহকৰ ওপৰত পৰিব প্ৰভাৱ
আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক নেকি? বেংকে সলনি কৰিছে এক প্ৰচলিত নিয়ম

আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক নেকি? বেংকে সলনি কৰিছে এক প্ৰচলিত নিয়ম

  • Share this:
ভাৰতৰ সৰ্ববৃহৎ পাব্লিক চেক্টৰ বেংক ভাৰতীয় ষ্টেট বেংকে ১ জুলাইত সালসলনি কৰিব এক প্ৰচলিত নিয়মৰ। যাৰ প্ৰভাৱ পৰিব বেংকটোত একাউণ্ট থকা দেশৰ প্ৰায় ৪১ কোটি মানুহৰ ওপৰত।



এচবিআইয়ে ১ জুলাইৰ পৰা ৰেপ’ ৰেটৰ লগত জড়িত হোম লোনৰ বাবে এক নতুন অফাৰৰ ব্যৱস্থা কৰিছে। ইয়াৰ দ্বাৰা জুলাই মাহৰ পৰা এচবিআইৰ হোম লোনৰ সুতৰ হাৰ সম্পূৰ্ণ ৰূপে ৰেপ’ ৰেটৰ আধাৰত নিৰ্ণয় কৰা হ’ব।



সেইদৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে যেতিয়াই ৰেপ’ ৰেটত পৰিৱৰ্তন কৰিব, তাৰ ওপৰত ভিত্তি কৰিয়েই এচবিআইয়ে  হোম লোনৰ সুতৰ হাৰ নিৰ্ণয় কৰিব।

বৰ্তমান আৰবিআইয়ে ৰেপ’ ৰেট সলনি কৰাৰ পিছত এচবিআইয়ে হম’ লোনৰ সুতৰ হাৰ হ্ৰাস কৰা বা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰেও ক্ৰমাগত তৃতীয় দিনৰ বাবে আৰবিআইয়ে ৰেপ’ ৰেটত সুতৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰি ৫.৭৫ কৰিছে।



এনে পৰিস্থিতিত এতিয়া এচবিআইৰ হোম লোনো সস্তা হোৱাৰ সম্ভাৱনা আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি