ভাৰতীয় ষ্টেট বেংকে আগবঢ়াইছে জ্যেষ্ঠ নাগৰিকলৈ আকৰ্ষণীয় উপহাৰ! ৩১ ডিচেম্বৰ পৰ্যন্ত লওক সুবিধা

News18 Assam | News18-Assam
Updated:September 16, 2020, 2:13 PM IST
ভাৰতীয় ষ্টেট বেংকে আগবঢ়াইছে জ্যেষ্ঠ নাগৰিকলৈ আকৰ্ষণীয় উপহাৰ! ৩১ ডিচেম্বৰ পৰ্যন্ত লওক সুবিধা
দেশত এতিয়া কোৰোণাৰ সংহাৰ। কোৰোণা ভাইৰাছৰ ফলত দেশৰ অৰ্থনীতি ব্যাপক ভাবে ক্ষতিগ্ৰস্ত হৈছে।

দেশত এতিয়া কোৰোণাৰ সংহাৰ। কোৰোণা ভাইৰাছৰ ফলত দেশৰ অৰ্থনীতি ব্যাপক ভাবে ক্ষতিগ্ৰস্ত হৈছে।

  • News18 Assam
  • Last Updated: September 16, 2020, 2:13 PM IST
  • Share this:
দেশত এতিয়া কোৰোণাৰ সংহাৰ। কোৰোণা ভাইৰাছৰ ফলত দেশৰ অৰ্থনীতি ব্যাপক ভাবে ক্ষতিগ্ৰস্ত হৈছে। অৰ্থনীতি কিছু সুস্থিৰ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া গ্ৰহণ কৰিছে বিশেষ কিছু কাৰ্যপন্থা। তাৰ মাজতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহত্‍ বেংক ভাৰতীয় ষ্টেট বেংকে জ্যেষ্ঠ নাগৰিকলৈ আগবঢ়াইছে বিশেষ উপহাৰ।অহা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ ফিক্স ডিপ’জিট আঁচনিত বিনিয়োগৰ অন্তিম তাৰিখ।

উল্লেখযোগ্য যে, ষ্টেট বেংকে যোৱা মে’ মাহত জ্যেষ্ঠ নাগৰিককৰ বাবে ‘উই কেয়াৰ’ ছিনিয়ৰ চিটিজেনছ টাৰ্ম ডিপ’জিট স্কীম হাতত লৈছিল। প্ৰথম অৱস্থাত এই আঁচনিৰ সুবিধা গ্ৰহণৰ অন্তিম তাৰিখ আছিল ৩০ ছেপ্তেম্বৰ। কিন্তু দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিৰ ম্যাদ অহা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে।

ভাৰতীয় ষ্টেট বেংকে এই আঁচনিত ৫বছৰ বা ইয়াতকৈ অধিক সময়ৰ ফিক্স ডিপ’জিটৰ ওপৰত ৩০ বেছিছ পইণ্টৰ অতিৰিক্ত প্ৰিমিয়াম তৎকালীনভাৱে লাভ কৰিব। ৬০ বছৰ বা ইয়াতকৈ অধিক বয়সৰ লোক এই আঁচনিৰ অংশীদাৰ হ’ব পাৰিব। সৰ্বাধিক ৫ বছৰৰ বাবে প্ৰযোজ্য এই আঁচনিৰ অধীনত বিনিয়োগ কৰা ধন সৰ্বোচ্চ ২ কোটি। কিন্তু ম্যাদ সম্পূৰ্ণ হোৱাৰ পূৰ্বে বিনিয়োগ কৰা ধনৰাশি ৰাখি উলিয়াব বিচাৰিলে দিয়া নহ’ব কোনো ধৰণৰ সুত।
Published by: Himangshu Bhuyan
First published: September 16, 2020, 2:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading