সলনি হ’ল বেংক একাউণ্টত ধন জমা দিয়াৰ নিয়ম!

যদি আপুনি একাউণ্টত টকা জমা কৰিবলৈ যাব তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। কাৰণ এতিয়াৰে পৰা বেংক একাউণ্টত আপোনাৰ অনুমতি অবিহনে কোনোৱে ধন জমা দিব নোৱাৰে।

news18assam
Updated:July 6, 2019, 3:31 PM IST
সলনি হ’ল বেংক একাউণ্টত ধন জমা দিয়াৰ নিয়ম!
যদি আপুনি একাউণ্টত টকা জমা কৰিবলৈ যাব তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। কাৰণ এতিয়াৰে পৰা বেংক একাউণ্টত আপোনাৰ অনুমতি অবিহনে কোনোৱে ধন জমা দিব নোৱাৰে।
news18assam
Updated: July 6, 2019, 3:31 PM IST
যদি আপুনি একাউণ্টত টকা জমা কৰিবলৈ যাব তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। কাৰণ এতিয়াৰে পৰা বেংক একাউণ্টত আপোনাৰ অনুমতি অবিহনে কোনোৱে ধন জমা দিব নোৱাৰে। দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন নিয়মসমূহ সাল–সলনি কৰিবলৈ কৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে বাজেট ভাষণত ক’লে যে চৰকাৰে বেংক গ্ৰাহকসকলক শক্তিশালী কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। বৰ্তমান সময়ত বেংক গ্ৰাহকৰ একাউণ্টত অন্য লোকে ধন জমা দিয়াৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই। কিন্তু এই সন্দৰ্ভত শীঘ্ৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ’ব। তেওঁ লগতে ক’লে যে চৰকাৰী বেংকসমূহৰ কৰ্মক্ষেত্ৰত উন্নতিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হ’ব। বিমুদ্ৰাকৰণৰ পিছত বহুলোকৰ বেংক একাউণ্টত নগদ ধন জমা হোৱাৰ তথ্য প্ৰকাশ পাইছিল। এইসকল লোকে ধন জমা কৰাসকলৰ বিষয়ে কোনো তথ্য পোৱা নাছিল। বিশেষকৈ জনধন একাউণ্টসমূহত এনেধৰণৰ বহু ঘটনা পোহৰলৈ আহিছিল।

এতিয়াৰ নিয়ম–

>> বৰ্তমান যিকোনো লোকে অন্য লোকৰ বেংক একাউণ্টত ধন জমা দিব পাৰে।

>> সেই লোকজনৰ লগত কেৱল লোকজনৰ বেংক একাউণ্টৰ নম্বৰটোহে থাকিব লাগে।
>> ইয়াৰ বাবে বেংক গ্ৰাহকজনৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই।



 
আৰু চাওক পৰৱৰ্তী বাতৰি