মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»SBI-এ গ্ৰাহকৰ কাৰণে আগবঢ়াইছে এই বিশেষ উপহাৰ, আপোনাৰ EMI হ্ৰাস পাব ইমান

SBI-এ গ্ৰাহকৰ কাৰণে আগবঢ়াইছে এই বিশেষ উপহাৰ, আপোনাৰ EMI হ্ৰাস পাব ইমান

News18 Assam | News18-Assam
Updated:July 8, 2020, 4:13 PM IST
SBI-এ গ্ৰাহকৰ কাৰণে আগবঢ়াইছে এই বিশেষ উপহাৰ, আপোনাৰ EMI হ্ৰাস পাব ইমান
SBI-এ ১৪সংখ্যক বাৰলৈ সুতৰ হাৰ হ্ৰাস কৰিছে। ইয়াৰ ফলত আপোনাৰ EMI কম হ’ব।

SBI-এ ১৪সংখ্যক বাৰলৈ সুতৰ হাৰ হ্ৰাস কৰিছে। ইয়াৰ ফলত আপোনাৰ EMI কম হ’ব।

  • Share this:
নতুন দিল্লীঃ এছবিআই–এ (SBI-State Bank of India) নিজৰ গ্ৰাহকক কিছু সকাহ প্ৰদান কৰি লোনৰ হাৰ হ্ৰাস কৰাৰ ঘোষণা কৰিছে। বেংকে কম অৱধিৰ এমচিএলআৰৰ দৰ (MCLR) ০.০৫ শতাংশৰ পৰা ০.১০শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ ঘোষণা কৰিছে। এই ঘোষণাৰ ফলত এছবিআইৰ হাৰ হ্ৰাস পাই ৬.৬৫শতাংশলৈ আহিছে। SBIৰ দাবী যে বৰ্তমান সময়ত দেশৰ ভিতৰত এছবিআইৰ এমচিএলআৰ হাৰ সকলোতকৈ কম। নতুন দৰ ১০জুলাইৰ পৰা বলৱৎ হ’ব। আপোনাক জনাও যে জুনতো এছবিআইয়ে সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১০ জুনত এছবিআইৰ এমচিএলআৰ হাৰ ০.২৫শতাংশৰ পৰা ৭শতাংশ হৈছিল। উল্লেখ্য যে, আৰবিআইয়ে ২২মে’ত ৰেপ’ ৰেট ০.৪০শতাংশ হ্ৰাস কৰি ৪শতাংশ কৰিছিল। ইয়াৰ পিছত পঞ্জাৱ নেচনেল বেংক, বেংক অৱ ইণ্ডিয়া আৰু ইউক’ বেংকে ৰেপ’ আৰু এমচিএলআৰৰ সৈতে জৰিত লোনৰ হাৰ আগতেই হ্ৰাস কৰিছিল।

উদাহৰণস্বৰূপে ইয়াৰ ফলত ৩০বছৰৰ কাৰণে লোৱা ২৫লাখ টকাৰ লোনৰ এমচিএলআৰৰ অধীনত মাহেকীয়া কিস্তি ৪২১টকা হ্ৰাস হ’ব। সেইদৰে ইবিআৰ তথা আৰএলএলআৰৰ অধীনত মাহেকীয়া কিস্তি ৬৬০টকা হ্ৰাস পাব।

এমচিএলআৰ হৈছে সেই হাৰ যাৰ তলত বেংকে লোন দিব নোৱাৰে। গতিকে এই হাৰ হ্ৰাস হ’লে বেংকে কম হাৰত লোন দিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত হাউছ লোনৰ পৰা ভেহিকল লোন সকলো সস্তা হৈ পৰিব।

এই সুবিধা নতুন গ্ৰাহকৰ লগতে সেইসকল গ্ৰাহকেও পাব যিসকলে এপ্ৰিল ২০১৬ৰ পিছত লোন লৈছে। কাৰণ ইয়াৰ পূৰ্বে লোন দিবলৈ নিৰ্ধাৰিত মিনিমাম ৰেটক বেচ ৰেট কোৱা হৈছিল অৰ্থাৎ ইয়াতকৈ কম দৰত বেংকে লোন দিব নোৱাৰিছিল।
First published: July 8, 2020, 4:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি