মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »এতিয়া ঘৰতে বহি কৰক বেংকৰ কাম, ৪২ কোটি গ্ৰাহকলৈ SBIৰ বিশেষ সুবিধা

এতিয়া ঘৰতে বহি কৰক বেংকৰ কাম, ৪২ কোটি গ্ৰাহকলৈ SBIৰ বিশেষ সুবিধা

এই সেৱাৰ বাবে প্ৰথমে আপোনাৰ মোবাইল নম্বৰ বেংকত পঞ্জীয়ন কৰিব লাগিব আৰু বেংক ৰেকৰ্ডত আপডেট কৰি থাকিব লাগিব।

এই সেৱাৰ বাবে প্ৰথমে আপোনাৰ মোবাইল নম্বৰ বেংকত পঞ্জীয়ন কৰিব লাগিব আৰু বেংক ৰেকৰ্ডত আপডেট কৰি থাকিব লাগিব।

এই সেৱাৰ বাবে প্ৰথমে আপোনাৰ মোবাইল নম্বৰ বেংকত পঞ্জীয়ন কৰিব লাগিব আৰু বেংক ৰেকৰ্ডত আপডেট কৰি থাকিব লাগিব।

  • Share this:
দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকলৈ আগবঢ়াইছে ইটোৰ পিছত সিটো সুবিধা। নিজৰ সেৱাৰ মান উন্নত কৰিবলৈ ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই আহিছে SBI–এ। নিজৰ গ্ৰাহকসকলৰ সুবিধাৰ বাবে বৰ্তমান সময়ত বহু সেৱা বিনামূলীয়াকৈ আগবঢ়াইছে বেংকটোৱে। এই সুবিধাসমূহ আপুনি ঘৰতে বহি লাভ কৰিব পাৰে।

যদি আপোনাৰ SBIত একাউণ্ট আছে আৰু বেলেঞ্চ এনকুৱেৰী, মিনি ষ্টেটমেণ্ট আদি সেৱাৰ বাবে নেট বেংকিং বা এটিএমৰ প্ৰয়োজন নাই।

এছবিআই কুইক মিছ্ড কল বেংকিং সেৱাৰ জৰিয়তে গ্ৰাহকে কেৱল এটা মিছ কলৰ দ্বাৰা ওপৰোক্ত তথ্য লাভ কৰিব পাৰিব।

এই সেৱাৰ বাবে প্ৰথমে আপোনাৰ মোবাইল নম্বৰ বেংকত পঞ্জীয়ন কৰিব লাগিব আৰু বেংক ৰেকৰ্ডত আপডেট কৰি থাকিব লাগিব।

গুৰুত্বপূৰ্ণ কথাটো হ’ল এই সেৱাৰ সহায়ত বেলেঞ্চ এনকুৱেৰী, মিনি ষ্টেটমেণ্টৰ লগতে শিক্ষামূলক ঋণৰ সুদৰ প্ৰমাণপত্ৰ–গৃহ ঋণৰ সুদৰ প্ৰমাণপত্ৰ আদিৰ তথ্য লাভ কৰিব পাৰি। কিন্তু SBI কুইকৰ সহায়ত কোনো ধৰণৰ বিত্তীয় লেনদেনৰ সুবিধা দিয়া নহয়।

আহক জানো SBI কুইক মিছ্ড কল সেৱাৰ বিষয়ে :

SBI কুইক এক মিছ্ড কল বেংকিং সেৱা। এই সেৱাৰ জৰিয়তে একাউণ্ট আৰু আন বেংকিং সেৱা সম্বন্ধীয় তথ্য লাভ কৰিব পাৰে গ্ৰাহকে। একাউণ্টৰ গৰাকীয়ে মিছ কলৰ জৰিয়তে SBI কুইক সেৱা লাভ কৰিব পাৰিব।

SBI কুইক হ’ল কোনো ধৰণৰ তথ্য, যেনে মিনি ষ্টেটমেণ্ট, বেলেঞ্চ এনকুৱেৰী আদিৰ বাবে গ্ৰাহকলৈ আগবঢ়োৱা এক ফ্ৰী মিছ্ড কল বেংকিং সেৱা। গ্ৰাহকে কেৱল এটা মিছ কল দি বা ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা SMS পঠিয়াই এই সম্বন্ধীয় তথ্য জানিব পাৰিব।

এই সেৱাৰ পঞ্জীয়নৰ বাবে গ্ৰাহকে REGAccount number লিখি 09223488888 নম্বৰলৈ বেংকত পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা প্ৰেৰণ কৰিব লাগিব। ইয়াৰ পিছত গ্ৰাহকলৈ এটা কনফাৰমেচন মেছেজ আহিব। কনফাৰমেচন মেছেজ অহাৰ পিছত এই সেৱা লাভ কৰিবলৈ সক্ষম হ’ব।

কেনে কৰিব SBI কুইক সেৱাৰ ব্যৱহাৰ :

১. বেলেঞ্চ এনকুৱেৰী – একাউণ্টৰ বেলেঞ্চ জানিবলৈ 09223766666 নম্বৰত মিছ কল দিয়ক বা “BAL” লিখি SMS প্ৰেৰণ কৰক।

২. মিনি ষ্টেটমেণ্ট – 09223866666 নম্বৰত মিছ কল দি বা “MSTMT” লিখি 09223866666 নম্বৰলৈ SMS কৰি আপুনি শেষৰ পাঁচটা লেনদেনৰ তথ্যৰ সৈতে লাভ কৰিব মিনি ষ্টেটমেণ্ট।

৩. চেক বুক ৰিকুৱেষ্ট – একাউণ্টৰ গৰাকীয়ে 09223588888 নম্বৰত ‘CHQREQ’ বুলি লিখি মেছেজ প্ৰেৰণ কৰি বা এই নম্বৰত মিছ কল দি নতুন চেকবুকৰ বাবে আবেদন কৰিব পাৰে। গ্ৰাহকে ৬টা সংখ্যাৰ এটা SMS লাভ কৰিব। কনফাৰ্ম কৰিবৰ বাবে গ্ৰাহকে 09223588888 নম্বৰত “CHQACC Y 6 অংকৰ নম্বৰ” লিখি SMS কৰিব লাগিব।

৪. SBI ই–ষ্টেটমেণ্ট – গ্ৰাহকে নিজৰ ৰেজিষ্টাৰ্ড ই–মেইলত বিগত ৬ মাহৰ ষ্টেটমেণ্ট লাভ কৰিব পাৰে। ই–মেইলত পাছৱৰ্ড সুৰক্ষিত PDF ফাইল প্ৰেৰণ কৰা হয়। মিছ কল দি বা “ESTMT <স্পেচ> একাউণ্ট নম্বৰ <স্পেচ> <চাৰিটা অংকৰ কোড>” লিখি 09223588888 নম্বৰলৈ প্ৰেৰণ কৰক।

৫. শিক্ষামূলক ঋণৰ সুদৰ প্ৰমাণপত্ৰ – মিছ কল দি বা SMS প্ৰেৰণ কৰি শিক্ষামূলক ঋণৰ সুদৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰি। “ELI<স্পেচ> একাউণ্ট নম্বৰ <স্পেচ> <চাৰিটা সংখ্যাৰ কোড> লিখি 09223588888 নম্বৰলৈ SMS প্ৰেৰণ কৰক।

৬. গৃহ ঋণৰ সুদৰ প্ৰমাণপত্ৰ – মিছ কল দি বা SMS প্ৰেৰণ কৰি গৃহ ঋণৰ সুদৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰি। “HLI <স্পেচ> একাউণ্ট নম্বৰ <স্পেচ> <চাৰিটা সংখ্যাৰ কোড> লিখি 09223588888লৈ প্ৰেৰণ কৰক।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

শেহতীয়া বাতৰি