বেংকত শাৰী নপতাকৈ ATMৰ জৰিয়তে কৰক এই ৮টা কাম

News18
Updated:July 27, 2019, 5:25 PM IST
বেংকত শাৰী নপতাকৈ ATMৰ জৰিয়তে কৰক এই ৮টা কাম
ঘণ্টা ঘণ্টা ধৰি বেংকত শাৰী নপতাকৈ বহুকেইটা কাম আপুনি এটিএমত কৰিব পাৰে। 

ঘণ্টা ঘণ্টা ধৰি বেংকত শাৰী নপতাকৈ বহুকেইটা কাম আপুনি এটিএমত কৰিব পাৰে। 

  • News18
  • Last Updated: July 27, 2019, 5:25 PM IST
  • Share this:
যদি আপুনি বেংকৰ এটিএম কেৱল টকা উলিয়াবলৈ অথবা চেভিংছ একাউণ্টৰ বেলেন্স চাবলৈ ব্যৱহাৰ কৰে তেনেহ’লে আপুনি এই প্ৰতিবেদন পঢ়া উচিত। নতুন নিয়মত আপুনি বেংকৰ এফডি, টেক্স ডিপ’জিট, ম’বাইল ৰিচাৰ্জ সহ বহুকেইটা কাম এটিএমত কৰিব পাৰে। 

আহক জানোঃ


  1. ফিক্সড ডিপ’জিটঃ আপুনি এটিএমৰ জৰিয়তে ফিক্সড ডিপ’জিট কৰিব পাৰে। আপুনি মেন্যুত থকা ষ্টেপছ সমূহ অনুসৰণ কৰি এই কাম কৰিব পাৰে। ইয়াত আপুনি ডিপ’জিটৰ অৱধি, টকাৰ পৰিমাণ নিৰ্বাচন কৰি কনফাৰ্ম অপচ্যন নিৰ্বাচন কৰিব লাগিব। 

  2. কৰ আদায়ঃদেশৰ বহু ডাঙৰ ডাঙৰ বেংকে এটিএমৰ জৰিয়তে আয়কৰ আদায় দিয়াৰ সুবিধা প্ৰদান কৰি আছে। ইয়াত এডভান্স টেক্স, চেল্ফ এচেছমেণ্ট টেক্স আৰু ৰেগুলাৰ এচেছমেণ্টৰ পিছথ দিবলগীয়া কৰ অন্তৰ্ভুক্ত। এটিএমৰ জৰিয়তে আয়কৰ আদায় দিয়াৰ বাবে আপুনি বেংকৰ ৱেবছাইট বা ব্ৰাঞ্চত প্ৰথমে এই সুবিধা ৰেজিষ্টাৰ কৰিব লাগিব।ইয়াৰ পিছত আপুনি এটিএমত এই কাম কৰিব পাৰে। একাউণ্টৰ পৰা টকা কৰ্তন কৰাৰ পিছত আপোনাক এক চিআইএন নম্বৰ দিয়া হ’ব। ইয়াৰ ২৪ঘণ্টা পিছত আপুনি বেংকৰ ৱেবছাইটত গৈ চাব পাৰে। ইয়াৰ পৰা আপুনি চিআইএন নম্বৰ ব্যৱহাৰ কৰি চালান প্ৰিণ্ট কৰিব পাৰে।

  3. আন এটিএমত জমা দিয়ক ধনঃ বহুকেইটা চৰকাৰী আৰু প্ৰাইভেট বেংকে এতিয়া কেচ ডিপ’জিট মেচিন সংস্থাপন কৰিছে। ইয়াত এবাৰতে আপুনি ৪৯,৯০০টকা জমা কৰিব পাৰে। এই মেচিনসমূহত ২০০০, ৫০০, ১০০ আৰু ৫০টকাৰ নোট জমা কৰিব পাৰে।

  4. বীমাৰ টকা আদায় দিয়কঃএলআইচি, এইচডিএফচি লাইফ আৰু এচবিআই লাইফৰ দৰে বীমা কোম্পানীয়ে বেংকৰ জৰিয়তে বুজা পৰা কৰি গ্ৰাহকক এটিএমৰ দ্বাৰা প্ৰীমিয়াম আদায় দিয়াৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ কাৰণে আপুনি পলিচী নম্বৰ সাজু কৰি ৰখা দৰকাৰ। এটিএমৰ বিল পে চেকশ্যনত বীমা কোম্পানীৰ নাম বাচনি কৰক। ইয়াৰ পিছত পলিচী নম্বৰ এণ্টাৰ কৰি জন্মদিন আৰু ম’বাইল নম্বৰ টিপক। ইয়াৰ পিছত প্ৰীমিয়ামৰ পৰিমাণ দি কনফাৰ্ম কৰিলে হ’ল।


  5. ঋণৰ কাৰণে আৱেদন কৰকঃ কম পৰিমাণৰ পাৰ্চনেল লোন আপুনি এটিএমৰ জৰিয়তে এপ্লাই কৰিব পাৰে। ইয়াৰ কাৰণে আপুনি ফোন বেংকিং বা বেংক ব্ৰান্সলৈ যোৱাৰ প্ৰয়োজন নাই। কেইবাটাও প্ৰাইভেট বেংকে এটিএমৰ জৰিয়তে pre-approved পাৰ্চনেল লোন দি আছে। এই পৰিমাণ এটিএমৰ জৰিয়তে উলিয়াই ল’ব পাৰি। ঋণৰ পৰিমাণ গণনা এডভান্স এনালিটিক্সৰ জৰিয়তে কৰা হয়। ইয়াৰ কাৰণে গ্ৰাহকৰ ট্ৰানজেকশ্যন ডিটেইল, একাউণ্ট বেলেন্স, দৰমহাৰ পৰিমাণ আৰু ক্ৰেডিট তথা ডেবিট কাৰ্ডৰ ৰি–পেমেণ্ট ৰেকৰ্ড চোৱা হয়।

  6. কেচ ট্ৰান্সফাৰঃ যদি আপুনি নেট বেংকিঙৰ প্ৰয়োগ নকৰে তেনেহ’লে এটিএমৰ সহায়ত আপুনি বেংকৰ এখন খাটাৰ ধন আন এখন খাটালৈ ট্ৰান্সফাৰ কৰিব পাৰে। অৱশ্যে ইয়াৰ কৰাণে আপুনি অনলাইন বা ব্ৰাঞ্চলৈ গৈ প্ৰথমে নিজৰ সেই একাউণ্ট ৰেজিষ্টাৰ কৰিব লাগিব। এবাৰত এটিএমৰ পৰা ৪০,০০০টকালৈ ট্ৰান্সফাৰ কৰিব পাৰি। এদিনত আপুনি কেইবাবাৰো টকা ট্ৰান্সফাৰ কৰিব পাৰে।

  7. বিল আদায়ঃ টেলিফোন, বিদ্যুৎ, গেছ বা আন বহুতো বিল এটিএমৰ জৰিয়তে আদায় কৰিব পাৰি। অৱশ্যে বিল আদায় দিয়াৰ পূৰ্বে আপুনি নিজৰ বেংকৰ ৱেবছাইটত নিজকে এবাৰ ৰেজিষ্টাৰ কৰিব লাগিব।

  8. ট্ৰেনৰ টিকেট বুকিংঃ দেশৰ সকলোতকৈ ডাঙৰ চৰকাৰী বেংক এছবিআই–এ ৰেলৱেৰ বিল্ডিঙত থকা কেইবাটাও এটিএমৰ জৰিয়তে টিকট বুক কৰাৰ সুবিধা প্ৰদান কৰে। এই সুবিধাসমূহৰ দ্বাৰা অৱশ্যে এতিয়া কেৱল দীঘলীয়া দূৰত্বৰ টিকটহে কৰিব পৰা যায়।


 
আৰু চাওক
পৰৱৰ্তী বাতৰি