মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »SBIৰ গ্ৰাহকসকলে মন দিয়ক! হঠাৎ পইচাৰ প্ৰয়োজন হ’লে কামত আহিব এই সুবিধা

SBIৰ গ্ৰাহকসকলে মন দিয়ক! হঠাৎ পইচাৰ প্ৰয়োজন হ’লে কামত আহিব এই সুবিধা

অভাৰড্ৰাফ্ট এক ধৰণৰ ঋণ। ইয়াৰ জৰিয়তে গ্ৰাহকে নিজৰ বেংক একাউণ্টত থকা পৰিমাণতকৈ অধিক ধন উলিয়াব পাৰে।

অভাৰড্ৰাফ্ট এক ধৰণৰ ঋণ। ইয়াৰ জৰিয়তে গ্ৰাহকে নিজৰ বেংক একাউণ্টত থকা পৰিমাণতকৈ অধিক ধন উলিয়াব পাৰে।

  • Share this:
    সাধাৰণতে আপুনি বেংকৰ পৰা একাউণ্টত জমা থকা ধনহে উলিয়াব পাৰে। কিন্তু দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকক বেংকৰ একাউণ্টত থকা পৰিমাণতকৈও অধিক ধন উলিওৱাৰ সুবিধা প্ৰদান কৰে। অভাৰড্ৰাফ্ট সুবিধাৰ জৰিয়তে এই সুবিধা প্ৰদান কৰে বেংকে। আহক জানো কি এই অভাৰড্ৰাফ্ট আৰু কেনেকৈ লাভান্বিত হ’ব আপুনি।

    কি এই অভাৰড্ৰাফ্ট সুবিধা?
    অভাৰড্ৰাফ্ট এক ধৰণৰ ঋণ। ইয়াৰ জৰিয়তে গ্ৰাহকে নিজৰ বেংক একাউণ্টত থকা পৰিমাণতকৈ অধিক ধন উলিয়াব পাৰে। এই অতিৰিক্ত ধন এক নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰিশোধ কৰিব লাগে আৰু ইয়াৰ ওপৰত সুদ ভৰিব লাগে। সুদ দৈনিক হিচাপত গণনা কৰা হয়। অভাৰড্ৰাফ্টৰ সুবিধা বেংক অথবা নন–বেংকিং ফাইনেঞ্চিয়েল কোম্পানীয়ে দিব পাৰে। অভাৰড্ৰাফ্টৰ ধনৰ পৰিমাণ কিমান হ’ব সেয়া বেংক বা উক্ত প্ৰতিষ্ঠানে নিৰ্ধাৰণ কৰে।

    কেনেকৈ কৰিব আবেদন?
    বেংকে নিজৰ কিছুমান গ্ৰাহকক প্ৰি–এপ্ৰুভড অভাৰড্ৰাফ্ট সুবিধা প্ৰদান কৰে। আনহাতে, কিছুমান গ্ৰাহকে ইয়াৰ বাবে পৃথককৈ অনুমোদন ল’ব লাগে। ইয়াৰ বাবে লিখিতভাৱে বা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে আবেদন কৰিব লাগে। একাংশ বেংকে এই সুবিধাৰ বাবে প্ৰছেচিং ফিজ লয়। অভাৰড্ৰাফ্ট দুই ধৰণৰ হয় – ছিকিউৰ্ড আৰু আনছিকিউৰ্ড। ছিকিউৰ্ড অভাৰড্ৰাফ্টৰ বাবে ছিকিউৰিটী হিচাপে Mortgage ৰখা হয়।

    কি সুবিধা লাভ কৰিব
    যেতিয়া আপুনি ঋণ লয়, সেয়া পৰিশোধ কৰাৰ বাবে নিৰ্ধাৰিত সময় থাকে। যদি কোনো লোকে ঋণ নিৰ্ধাৰিত সময়ৰ পূৰ্বে পৰিষোধ কৰে তেন্তে তাৰ ওপৰত প্ৰি–পে’মেণ্ট মাচুল দিব লাগে। কিন্তু অভাৰড্ৰাফ্টত এনেকুৱা নহয়। আপুনি নিৰ্ধাৰিত সময়ৰ পূৰ্বেও ধন পৰিশোধ কৰিব পাৰে। অভাৰড্ৰাফ্ট এমাউণ্ট যিমান দিনলৈ আপোনাৰ হাতত থাকিব সিমান দিনলৈহে সুদ দিব লাগে। ইয়াৰ উপৰি EMI হিচাপে এই ধন পৰিশোধ কৰাটো বাধ্যতামূলক নহয়। আপুনি নিৰ্ধাৰিত সময়ৰ ভিতৰত যিকোনো সময়ত পৰিশোধ কৰিব পাৰে।

    মনত ৰাখিব
    যদি আপুনি অভাৰড্ৰাফ্টৰ ধন পৰিশোধ কৰিব নোৱাৰে তেন্তে আপোনাৰ Mortgage হিচাপে ৰখা সামগ্ৰীৰ জৰিয়তে এই ধন আদায় কৰিব বেংকে। কিন্তু যদি আপোনাৰ অভাৰড্ৰাফ্টৰ ধনৰাশি Mortgageৰ সামগ্ৰীৰ মূল্যতকৈ অধিক হয় তেন্তে বাকী ধন পৰিশোধ কৰিব লাগিব।

     NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি