হঠাৎ টকাৰ দৰকাৰ! SBIৰ এই সুবিধা আহিব কামত

SBI–এ এক লাখ টকাতকৈ অধিক অভাৰ ড্ৰাফট ৰেটছক ৰেপ’ ৰেটৰ সৈতে লিংক কৰিছে। আহক জানো ইয়াৰ সুবিধা। 

news18assam
Updated:May 12, 2019, 12:09 PM IST
হঠাৎ টকাৰ দৰকাৰ! SBIৰ এই সুবিধা আহিব কামত
SBI–এ এক লাখ টকাতকৈ অধিক অভাৰ ড্ৰাফট ৰেটছক ৰেপ’ ৰেটৰ সৈতে লিংক কৰিছে। আহক জানো ইয়াৰ সুবিধা। 
news18assam
Updated: May 12, 2019, 12:09 PM IST
আমি সাধাৰণতে বেংক বেলেঞ্চ অনুসৰিহে টকা উইথড্ৰৱল কৰিব পাৰো। কিন্তু যদি বেংকে আপোনাৰ প্ৰয়োজনৰ সময়ত বেলেন্স থকা টকাতকৈ অধিক টকা উলিওৱাৰ সুবিধা দিয়ে? হয়, এই সুবিধা প্ৰদান কৰিছে অভাৰ ড্ৰাফট ফেচিলিটীয়ে। দেশৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংক SBI–এ প্ৰদান কৰা নতুন সুবিধা অনুসৰি এক লাখ টকাতকৈ অধিক কেছ ক্ৰেডিট অথবা অভাৰ ড্ৰাফটক ৰেপ’ ৰেটৰ সৈতে লিংক কৰি দিছে। ইয়াৰ দ্বাৰা গ্ৰাহকে ৰেপ’ ৰেটৰ কৰ্তনু সুবিধা সোনকালে ল’ব পাৰিব। আৰবিআইয়ে ৰেপ’ ৰেট ৪এপ্ৰিলত ০.২৫শতাংশ হ্ৰাস কৰিছে। ইয়াৰ সম্পূৰ্ণ সুবিধা এছবিআইৰ এক লাখ টকাতকৈ অধিক CC/OD গ্ৰাহকে ১ মে’ৰ পৰা পোৱা আৰম্ভ কৰিছে। আহক জানো কি এই অভাৰড্ৰাফট ফেচিলিটী।

অভাৰড্ৰাফট ফেচিলিটী এক প্ৰকাৰৰ লোন, ইয়াৰ দ্বাৰা গ্ৰাহকে নিজৰ বেংক একাউণ্টত থকা টকাতকৈ অধিক টকা উলিয়াব পাৰে। এই অতিৰিক্ত টকাখিনি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত বেংকক ঘুৰাই দিব লাগিব। ইয়াৰ ওপৰত সুত দিবলগীয়া হয়। ঋণ দৈনিক ভিত্তিত নিৰ্ধাৰণ কৰা হয়। অভাৰড্ৰাফট ফেচিলিটী যিকোনো বেংক অথবা নন বেংকিং ফাইনেনশ্যল কোম্পানীয়ে (NBFC) দিব পাৰে। আপোনাক দিয়া অভাৰড্ৰাফট লোনৰ পৰিমাণ সংশ্লিষ্ট বেংক অথবা NBFC–এ নিৰ্ধাৰণ কৰিব।

কেনেকৈ আৱেদন কৰিবঃবেংকে নিজৰ কিছু গ্ৰাহকক প্ৰি–এপ্ৰুভড ফেচিলিটী প্ৰদান কৰে। আনহাতে একাংশ গ্ৰাহকে ইয়াৰ কাৰণে বেলেগকৈ মঞ্জুৰি ল’ব লাগে। ইয়াৰ কাৰণে লিখিত ৰূপত বা ইম্টাৰনেট বেংকিঙৰ জৰিয়তে আৱেদন কৰিব লাগে। কিছু বেংকে এই সুবিধা দিবলৈ প্ৰচেছিং ফীজ আদায় কৰে।

দুইধৰণৰ অভাৰড্ৰাফট আছেঃছিকিউৰড আৰু আনছিকিউৰড। ছিকিউৰড অভাৰড্ৰাফট বেংকত ছিকিউৰিটীৰ ৰূপত কিবা এটা বন্ধক দিব লাগে।

আপুনি এফডি, শ্বেয়াৰ, ঘৰ, গহণা, ইন্সুৰেঞ্চ পলিচী, বণ্ড আদি সামগ্ৰীৰ ওপৰত অভাৰড্ৰাফট ল’ব পাৰে।

সাধাৰণ ভাষাত ইয়াক এফডি বা শ্বেয়াৰ্ছৰ ওপৰত লোণ লোৱা ব্যৱস্থাও ক’ব পাৰি। এনে কৰিলে এই সামগ্ৰীসমূহ বেংক বা NBFCৰ ওচৰত বন্ধক হৈ থাকি যায়।

যদি আপোনাৰ ওচৰত ছিকিউৰিটী হিচাপে দিবলৈ একো নাই তেনেহ’লে আপুনি অভাৰড্ৰাফট ফেচিলিটী ল’ব পাৰে। ইয়াক আনছিকিউৰড অভাৰড্ৰাফট কোৱা হয়। উদাহৰণস্বৰূপে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে উউথড্ৰৱল।

এই সুবিধা পাবঃযেতিয়া আপুনি লোন লয় তেতিয়া এই লোন মাৰিবলৈ এক নিৰ্দিষ্ট সময় প্ৰদান কৰা হয়। যদি কোনোবাই লোন সময়তকৈ আগতেই মাৰি দিয়ে তেনেহ’লে বেংকে তেওঁক প্ৰীপেমেণ্ট চাৰ্জ দিবলৈ কয় কিন্তু অভাৰড্ৰাফটত এয়া নহয়।

সময়তকৈ আগত আপুনি কোনো এক্সট্ৰা চাৰ্জ নোহোৱাকৈ টকা ঘুৰাই দিব পাৰে। ইয়াত সুতো সেই সময়ৰ কাৰণে দিলেই হ’ল। অভাৰড্ৰাফট এমাউণ্ট যিমানদিন আপোনাৰ কাষত আছিল সিমান দিনৰ সুত দিলেই হ’ল।

EMI–ত টকা ঘুৰাই দিয়াৰ বাধ্যবাধকতা নাই। আপুনি মাত্ৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত যেতিয়াই তেতিয়াই টকা ঘুৰাব পাৰে। এইবোৰ কাৰণত ঋণ লোৱাতকৈও এয়া সস্তা আৰু সহজ।

কেৱল মনত ৰাখিবঃযদি আপুনি অভাৰড্ৰাফটৰ ধন ঘুৰাই দিব নোৱাৰে তেনেহ’লে বন্ধকত দিয়া সামগ্ৰীৰে ইয়াৰ ক্ষতিপূৰণ বেংকে কৰিব। কিন্তু যদিহে অভাৰড্ৰাফটৰ টকা বন্ধকত থোৱা সামগ্ৰীৰ মূল্যতকৈ অধিক তেনেহ’লে অতিৰিক্ত টকা আপুনি বেংক দিবই লাগিব।
আৰু চাওক পৰৱৰ্তী বাতৰি