যদি আপুনি আপোনাৰ সন্তানৰ বাবে অনলাইন একাউণ্ট খুলিব বিচাৰে, তেন্তে দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংক (SBI)–এ আপোনাৰ বাবে আনিছে এই সুবিধা। SBI–এ নাবালকসকলৰ বাবে অনলাইনযোগে পেহলা কদম (Pehla Kadam )আৰু পেহলি উড়ান (Pehli Udaan) নামৰ সঞ্চয় একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰিছে। একে সময়তে এই একাউণ্টবোৰত শিশুসকলৰ বাবে দৈনিক ধন উলিওৱাৰ সীমাও নিৰ্ধাৰণ কৰা হৈছে। শিশুসকলৰ বাবে এই একাউণ্ট কেনেদৰে খুলিব আৰু ইয়াৰ লাভালাভ সম্পৰ্কে জানি লওক সকলো।
১. পেহলা কদম সঞ্চয় একাউণ্ট (Pehla Kadam Saving Account) ->> এই একাউণ্টৰ অধীনত যিকোনো বয়সৰ নাবালক ল'ৰা-ছোৱালীৰ সৈতে পিতৃ-মাতৃ তথা অভিভাৱকে যুটীয়া একাউণ্ট খুলিব পাৰে।
>> ইয়াক পিতৃ-মাতৃ বা অভিভাৱক বা শিশুটোৱে এককভাৱে পৰিচালনা কৰিব পাৰে।
>> এই কাৰ্ডখন নাবালক আৰু অভিভাৱকৰ নামত জাৰি কৰা হ'ব।
পেহলা কদম সঞ্চয় একাউণ্ট (Pehla Kadam Saving Account)ৰ লাভালাভ ->> এই একাউণ্টত মোবাইল বেংকিং সুবিধা আছে, যিয়ে ২,০০০ টকা পৰ্যন্ত সকলো ধৰণৰ বিল পৰিশোধ কৰিব পাৰে।
>> দৈনিক লেনদেন কৰাৰ সীমা ৰখা হৈছে ।
>> শিশুৰ নামত বেংক একাউণ্ট খুলিলে এটিএম-ডেবিট কাৰ্ড সুবিধাও প্ৰদান কৰে। এই কাৰ্ডখন নাবালক আৰু অভিভাৱকৰ নামত জাৰি কৰা হ'ব। আপুনি ইয়াত দৈনিক ৫,০০০ টকালৈকে উলিয়াব পাৰে।
>> ইণ্টাৰনেট বেংকিং সুবিধাৰ প্ৰতিদিনে ৫,০০০ টকালৈকে লেনদেনৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। ইয়ে আপোনাক সকলো ধৰণৰ বিল জমা কৰিবলৈ অনুমতি দিয়ে।
>> অভিভাৱকৰ বাবে ব্যক্তিগত দুৰ্ঘটনা বীমা আৱৰণো দিয়া হৈছে।
২. পেহলি উড়ান সঞ্চয় একাউন্ট (Pehli Udaan Saving Account) ->> ১০ বছৰৰ অধিক বয়সৰ শিশু, যিয়ে নিজৰ হস্তাক্ষৰ কৰিব পাৰে। সেইসকল শিশুৱে পেহলি উড়ানৰ অধীনত একাউণ্ট খুলিব পাৰে।
>> এই একাউণ্ট সম্পূৰ্ণৰূপে নাবালকৰ নামত কৰা হয়।
>> ইয়াক তেওঁ অকলে চলাব পাৰে।
পেহলি উড়ান সঞ্চয় একাউন্ট (Pehli Udaan Saving Account)ত উপলব্ধ সুবিধাসমূহ ->> ইয়াত এটিএম-ডেবিট কাৰ্ডৰ সুবিধাও আছে আৰু প্ৰতিদিনে ৫,০০০টকালৈকে ধন উলিয়াব পাৰে। ইয়ে মোবাইল বেংকিং সুবিধাও প্ৰদান কৰে। য'ত আপুনি প্ৰতিদিনে ২,০০০ টকালৈকে স্থানান্তৰ কৰিব পাৰে।
>> ইয়াৰ লগতে বিভিন্ন ধৰণৰ পৰিশোধ কৰিব পাৰে।
>> ইণ্টাৰনেট বেংকিং সুবিধাত প্ৰতিদিনে ৫,০০০ টকালৈকে স্থানান্তৰ কৰিব পাৰে।
>> ইয়াতো চেক বহীৰ সুবিধা দিয়া হৈছে।
>> নাবালকে পেহলি উড়ানত কোনো অভাৰড্ৰাফ্ট সুবিধা লাভ নকৰে।
এনেদৰে শিশুৰ বাবে খোলক একাউণ্ট ->> প্ৰথমে আপুনি SBIৰ অফিচিয়েল ৱেবছাইট sbi.co.inলৈ যাওক। তাৰ পিছত ব্যক্তিগত বেংকিঙত ক্লিক কৰক।
>> এতিয়া একাউণ্ট টেবলৈ গৈ নাবালকৰ সঞ্চয় একাউণ্ট টেবত ক্লিক কৰক।
>>Apply Nowত ক্লিক কৰক। তাৰ পিছত আপুনি ডিজিটেল আৰু ইনষ্টা ছেভিং একাউণ্টৰ এটা পপ-আপ সুবিধা দেখিব।
>> আপুনি এতিয়া ডিজিটেল একাউণ্ট খোলাৰ টেবত ক্লিক কৰিব লাগিব।
>> তাৰ পিছত আবেদন কৰক আৰু পৰৱৰ্তী পৃষ্ঠালৈ যাওক।
>> একাউণ্ট খুলিবলৈ আপোনাৰ সম্পূৰ্ণ তথ্য প্ৰবিষ্ট কৰক।
>> মন কৰিব যে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ এবাৰ SBI শাখালৈ যোৱাটো প্ৰয়োজনীয়।
>> আপুনি SBIৰ শাখালৈ গৈ অফলাইনযোগেও একাউণ্ট খুলিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|