বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / জীৱন শৈলী / প্ৰতিমাহে ৪,৫০০ টকা বিনিয়োগেৰে লাভ কৰক ১ কোটি টকা ! জানক State Bank of Indiaৰ সামান্য ধনৰাশিয়ে কেনেকৈ বৃহৎ লাভ দিব পাৰে ?

প্ৰতিমাহে ৪,৫০০ টকা বিনিয়োগেৰে লাভ কৰক ১ কোটি টকা ! জানক State Bank of Indiaৰ সামান্য ধনৰাশিয়ে কেনেকৈ বৃহৎ লাভ দিব পাৰে ?

প্ৰতিমাহে ৪,৫০০ টকা বিনিয়োগেৰে লাভ কৰক ১ কোটি টকা ! জানক State Bank of Indiaৰ সামান্য ধনৰাশিয়ে কেনেকৈ বৃহৎ লাভ দিব পাৰে ?

SIP investment: SBIৰ এছআইপি(SIP)ৰ জৰিয়তে মিউচুৱেল ফাণ্ড আঁচনিত বিনিয়োগ কৰা সৰু ধনৰ পৰিমাণেও আপোনাক এক বৃহৎ লাভ প্ৰদান কৰিব পাৰে ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কোৰোণা মহামাৰীয়ে সকলোকে বিনিয়োগ আৰু সঞ্চয়ৰ দিশটোত গুৰুত্ব দিবলৈ বাধ্য কৰিছে। মানুহে অনুভৱ কৰিছে যে ব্যয়ৰ কোনো সীমা নাই, কিন্তু কঠিন সময়ত সঞ্চয়ৰ ধনখিনিহে কেৱল কামত আহে। সময়ত থাকোতে যিখিনি সংৰক্ষণ কৰা হয়, কঠিন সময়ত সেইখিনিয়েই কামত আহে। তেনেস্থলত মানুহে এতিয়া সঞ্চয় কৰিব বিচাৰে লগতে অধিক লাভো বিচাৰে। পৰম্পৰাগত সঞ্চয় আঁচনি কৰিছে যদিও মন নোহোৱাকৈ। সেয়েহে মানুহে একিয়া এনে এখন আঁচনিত ধন বিনিয়োগ কৰিব বিচাৰে, য’ত কম সময়ত কম টকাৰে অধিক লাভ উপাৰ্জন কৰিব পাৰি । ফলস্বৰূপে মিউচুৱেল ফাণ্ড আৰু ক্ৰিপ্টোকাৰেন্সীৰ প্ৰৱণতা বৃদ্ধি পাইছে। মিউচুৱেল ফাণ্ডত এক প্ৰণালীবদ্ধ বিনিয়োগ পৰিকল্পনা(SIP)ও আছে।

বিজ্ঞাপন

এছআইপি(SIP) সুবিধা হৈছে মিউচুৱেল ফাণ্ডৰ পৰা এক বিশেষ আঁচনি। ই হৈছে এনে এক আঁচনি য’ত প্ৰতি মাহে কেই হাজাৰ টকা ৰাহি কৰি লাখ বা কোটি টকাত ৰিটাৰ্ণ লাভ কৰিব পাৰি । এছআইপি(SIP)এ আপোনাক এটা নিৰ্দিষ্ট সময়ৰ বাবে এটা পুঁজিত বিনিয়োগ কৰিবলৈ অনুমতি দিয়ে। বিনিয়োগকাৰীসকলে ৫০০ টকাৰ পৰা এছআইপি(SIP)ৰ জৰিয়তে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰে। মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা বিনিয়োগকাৰীৰ বেংক একাউণ্টৰ পৰা প্ৰতি মাহে এটা নিৰ্দিষ্ট পৰিমাণ কৰ্তন কৰা হয়। তাৰ পিছত বিনিয়োগকাৰীক নিট সম্পদ মূল্যৰ (NAV) ওপৰত আধাৰ কৰি মিউচুৱেল ফাণ্ড ইউনিটৰ এক নিৰ্দিষ্ট সংখ্যক দিয়া হয়।

কেনেদৰে আৰম্ভ কৰিব এছআইপি(SIP) –

এছআইপি(SIP)ত অধিক লাভ পাবলৈ দীঘলীয়া সময়ৰ বাবে ইয়াত বিনিয়োগ কৰিব লাগিব । এছআইপি(SIP)ৰ জৰিয়তে আপোনাৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰি থকা হয়, যি মিউচুৱেল ফাণ্ডত বিনিয়োগ হয় । ইয়াৰ আটাইতকৈ ভাল কথাটো হ’ল যে আপুনি কম টকাতে বিনিয়োগ কৰা আৰম্ভ কৰিব পাৰে । আপুনি যেতিয়াই বিচাৰে বিনিয়োগ বন্ধও কৰিব পাৰে । এছআইপি(SIP)ক কোনো বাধা অবিহনে প্ৰৱৰ্তন কৰাৰ পিছত ম্যাদৰ তাৰিখ সলনি কৰিব পাৰে। আপুনি বিচাৰিলে বিনিয়োগৰ পৰিমাণো বৃদ্ধি আৰু হ্ৰাস কৰিব পাৰে। যদি আপুনি পৰিমাণ বৃদ্ধি কৰিব বিচাৰে তেন্তে নতুন এছআইপি(SIP) আৰম্ভ কৰাৰ কোনো প্ৰয়োজন নাই। মজুত থকা এছআইপি(SIP)ৰ ধন সহজে বৃদ্ধি কৰিব পাৰি।

বিজ্ঞাপন

বাম্পাৰ ৰিটাৰ্ণৰ গেৰান্টি –

ৰিটাৰ্ণ বা সুতৰ হাৰৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট নিয়ম নাই। এইটো সম্পূৰ্ণৰূপে বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। বজাৰ বৃদ্ধি হোৱাৰ লগে লগে ৰিটাৰ্ণ বৃদ্ধি হয় আৰু যেতিয়া ই হ্ৰাস হয় তেতিয়া উপাৰ্জন হ্ৰাস হ’ব পাৰে। কিন্তু এছআইপি(SIP)য়ে আপোনাক মিউচুৱেল ফাণ্ডৰ জমাৰ ৰাশিৰ ওপৰত সুৰক্ষা প্ৰদান কৰে। আপুনি যিমান সোনকালে এছআইপি(SIP)ত বিনিয়োগ কৰা আৰম্ভ কৰিব, সিমানেই সময়ৰ সৈতে আপোনাৰ ধন বাঢ়িব । ষ্টেট বেংকে ইয়াৰ বিনিয়োগকাৰীসকলক ইয়াৰ বাবে এটা বিশেষ সুযোগ দিয়ে। আনকি ষ্টেট বেংক বা এছবিআই এছআইপিৰ জৰিয়তে মিউচুৱেল ফাণ্ড আঁচনিত বিনিয়োগ কৰা সামান্য পৰিমাণৰ ধন ৰাশিকো এক বৃহৎ লাভ দিব পাৰে ।

বিজ্ঞাপন

SBI ৰ এছআইপি(SIP) –

SBI ৰ এছআইপি(SIP)য়ে ৰেকাৰিং ডিপোজিতৰ দৰে কাম কৰে। ষ্টেট বেংকৰ এছআইপি(SIP)ত আপোনাৰ একাউণ্টৰ পৰা প্ৰতি মাহে, সাপ্তাহিক বা প্ৰতিদিনে নিৰ্ধাৰিত বিনিয়োগৰ হিচাপত এক এক নিৰ্ধাৰিত পৰিমাণ কৰ্তন কৰা হয়। এই পৰিমাণটো মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা হয়। আপুনি ইয়াক উদাহৰণৰ দ্বাৰা বুজিব পাৰে। ধৰি লওক আপুনি এছআইপি(SIP)ৰ জৰিয়তে প্ৰতি মাহে ৫০০ টকা বিনিয়োগ কৰে। যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে ধন বিনিয়োগ কৰে,তেতিয়া বাছনি কৰা SBI মিউচুৱেল ফাণ্ড আঁচনিৰ NAV বা মুঠ সম্পদ মূল্য হয় ৫০ টকা। এনেদৰে SIPৰ জৰিয়তে মিউচুৱেল ফাণ্ডৰ ১০ ইউনিট ক্ৰয় কৰে। পৰৱৰ্তী সমত যেতিয়া NAV ৫০ ৰ পৰা ৬০ টকালৈ বৃদ্ধি হ’লে আপুনি ১০ৰ পৰিৱৰ্তে ৮.৩৩ ইউনিট ক্ৰয় কৰিবলৈ সক্ষম হ’ব।

বিজ্ঞাপন

লাখ টকাক কোটি টকালৈ ৰূপান্তৰ কৰক –

SIPত আপুনি যিমানেই অধিক বছৰৰ বাবে বিনিয়োগ কৰিব, ৰিটাৰ্ণ সিমানেই বৃদ্ধি পাব । যদিও ই বজাৰৰ ওপৰত নিৰ্ভৰশীল, তথাপিও ১৫ শতাংশতকৈও অধিক লোকে সুবিধা পোৱা দেখা গৈছে । ২০ বছৰৰ বাবে কৰা বিনিয়োগক ভাল বুলি গণ্য কৰা হয়। সেই অনুসৰি, যদি আপুনি ২০ বছৰৰ বাবে প্ৰতি মাহে ৪,৫০০টকা জমা কৰে আৰু ১৫ শতাংশ ৰিটাৰ্ণ আশা কৰে, তেন্তে আপুনি ৬৮,২১,৭৯৭.৩৮৭ টকা লাভ কৰিব পাৰে। আপুনি বিচাৰিলে ইয়াক কোটিলৈ বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে আপুনি কেৱল SIPৰ এটা টপ-আপ আঁচনি ল’ব লাগিব। প্ৰতি বছৰে ৫০০ টকাৰ টপ-আপ কৰিব লাগিব। ইয়াৰ সৈতে ৪,৫০০ টকাৰ পৰিমাণ ২০ বছৰৰ পিছত ১৫ শতাংশ ৰিটাৰ্ণৰ সৈতে ১,০৭,২৬,৯২১.৪০৫ টকালৈ ৰূপান্তৰ কৰা হ’ব।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন