SBIৰ বাম্পাৰ অ’ফাৰ! আধাতকৈও কম দামত কিনক সম্পত্তি, ঘৰতে বহি কৰক ৰেজিষ্ট্ৰেচন

যদি আপুনি ঘৰ, দোকান বা কোনো বাণিজ্যিক সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে এয়া এক ডাঙৰ সুযোগ।

News18-Assam
Updated:June 9, 2019, 12:55 PM IST
SBIৰ বাম্পাৰ অ’ফাৰ! আধাতকৈও কম দামত কিনক সম্পত্তি, ঘৰতে বহি কৰক ৰেজিষ্ট্ৰেচন
যদি আপুনি ঘৰ, দোকান বা কোনো বাণিজ্যিক সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে এয়া এক ডাঙৰ সুযোগ।
News18-Assam
Updated: June 9, 2019, 12:55 PM IST
দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংকে ১০ জুনত আৰম্ভ কৰিব মেগা নিলাম প্ৰক্ৰিয়া। য’ত দেশৰ কেইবাখনো চহৰত নিলাম কৰা কৰা হ’ব আকৰ্ষণীয় সম্পত্তি। যদি আপুনি ঘৰ, দোকান বা কোনো বাণিজ্যিক সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে এয়া এক ডাঙৰ সুযোগ। SBIৰ সৈতে মিলি আপুনি কিনিব পাৰিব এই সম্পত্তি। এই সম্পত্তি ক্ৰয়ৰ বাবে আপুনি SBIৰ পৰা লাভ কৰিব ঋণ।

কেনেদৰে কৰিব পঞ্জীয়ন
SBIৰ এই নিলাম প্ৰক্ৰিয়াত নিজৰ নাম পঞ্জীয়ন কৰাটো তেনেই সহজ। ন্যূনতম তথ্য দাখিল কৰিয়ে আপুনি নিলাম প্ৰক্ৰিয়াৰ অংশীদাৰ হ’ব পাৰে। পঞ্জীয়ন কৰিবলৈ আপুনি কেইটামান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

>> সৰ্বপ্ৰথমে আপুনি www.bankeauctions.com ভিজিট কৰক।
>> এতিয়া ইয়াত থকা Registration অপচনত যাওক।
>> Registration as an individual or Organisation নিৰ্বাচন কৰক।
>> এতিয়া ইয়াত আপুনি প্ৰয়োজনী তথ্যসমূহ পূৰণ কৰক।

>> User Agreement and Privacy Policy বাছনি কৰক।
>> এতিয়া Registerত ক্লিক কৰক।

ভাৰতীয় ষ্টেট বেংকে এই ই–নিলাম প্ৰক্ৰিয়াত সেইসমূহ সম্পত্তি নিলাম কৰিব, যিসকলে ঋণ পৰিশোধ কৰিব পৰা নাই। সেয়েহে বেংকে তেওঁলোকৰ সম্পত্তি নিলাম কৰি ঋণৰ ধনৰাশি মোকলাই ল’ব বিচাৰিছে। সম্পত্তি নিলাম কৰি পোৱা টকাৰে SBI–এ নিজৰ ঋণৰ ধনৰাশি পূৰণ কৰিব।

আপোনাৰ সহায়ৰ বাবে ফোন নম্বৰ
যদি আপুনি SBIৰ এই ই–নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে পঞ্জীয়ন কৰাৰ পিছত আৰু অধিক তথ্যৰ বাবে +91-124-4302020/21/22/23 আৰু +91-7291981124/1125/1126 নম্বৰত যোগাযোগ কৰিব পাৰে। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ফোন কৰি সবিশেষ জানিব পাৰিব আপুনি।
আৰু চাওক পৰৱৰ্তী বাতৰি