১ অক্টোবৰৰ পৰা ভাৰতীয় ষ্টেট বেংকে নিজৰ বেংকিং চাৰ্জ আৰু ট্ৰানজেকশ্যনক লৈ বহুকেইটা নিয়মৰ সাল সলনি কৰিছে। ইয়াৰ ভিতৰত বেংকত টকা জমা কৰা, উলিওৱা, চেকৰ ব্যৱহাৰ, এটিএম ট্ৰানজেকশ্যনৰ সৈতে জৰিত চাৰ্ভিছ চাৰ্জৰ দিশো আছে। বেংকৰ চাৰ্কুলাৰ অনুসৰি ১ অক্টোবৰৰ পৰা আপুনি মাহত কেৱল তিনিবাৰহে বিনামূলীয়াকৈ টকা জমা কৰিব পাৰিব। ইয়াৰ পিছত আপুনি একাউণ্টত ১০০ টকাও জমা কৰিলে ৫০টকা (জিএছটি বেলেগ) চাৰ্জ ভৰিব লাগিব। পঞ্চম বাৰ বা তাৰ পিছত যদি আপুনি এটকাও জমা কৰে তেনেহ’লে আপুনি ৫৬টকা জৰিমনা দিব লাগিব।
ইয়াৰ ওপৰিউ যদি কিবা কাৰণত চেক বাউন্স হয় তেনেহ’লে চেক জাৰি কৰাজনে ১৫০ টকা (জিএছটি) বেলেগকৈ ভৰিব লাগিব। নতুন নিয়ম অনুসৰি এফালে বেংকৰ এটিএমৰ পৰা হোৱা ট্ৰানজেকশ্যনৰ সংখ্যা বৃদ্ধি কৰা হৈছে আনহাতে বেংকৰ শাখাত গৈ কৰা এনইএফটি আৰু আৰটিজিএছ কৰাটো মহঙা হৈ পৰিব। এই নতুন নিয়ম অনুসৰি মুম্বাই, দিল্লী, চেন্নাই, কলকাতা, বেংগালুৰু আৰু হায়দৰাবাদ, এই ছয়খন মেট্ৰ’ৰ এটিএমত প্ৰতিমাহে ১০বাৰ আৰু আন চহৰত ১২বাৰ ট্ৰানজেকশ্যন কৰিব পাৰিব। যদি কোনো ব্যক্তিয়ে আন বেংকৰ এটিএম ব্যৱহাৰ কৰে তেনেহ’লে মাহত ৫বাৰ বিনামূলীয়া ট্ৰানজেকশ্যন কৰাৰ সুবিধা লাভ কৰিব।
২৫ হাজাৰ টকাৰ অধিক মিনিমাম এভাৰেজ বেলেন্স ৰখা ব্যক্তিসকলে বেংকৰ এটিএমৰ অসীমিত ব্যৱহাৰ কৰিব পাৰিব। আনহাতে ইয়াৰ তলৰ এভাৰেজ বেলেন্স ৰখা ব্যক্তিয়ে পুৰণি নিয়ম অনুসৰি ৮বাৰ বিনামূলীয়াকৈ ট্ৰানজেকশ্যন কৰিব পাৰিব। দৰমহা একাউণ্টৰ গৰাকীয়ে দেশৰ যিকোনো বেংক আৰু এছবিআইৰ এটিএম ব্যৱহাৰ কৰিবলৈ কোনো চাৰ্জ দিব নালাগে।
যদি কোনো ব্যক্তিয়ে বেংকৰ শাখাত গৈ আৰটিজিএছ বা এনইএফটি কৰে তেনেহ’লে তেওঁ চাৰ্জ দিব লাগিব। অৱশ্যে নেটবেংকিং, ম’বাইল বেংকিং বা য়’ন’ এপৰ পৰা কৰা ট্ৰানজেকশ্যনত কোনো ধৰণৰ চাৰ্জ দিব নালাগে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|