• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বেংকত প্ৰয়োজনীয় কাম আছে যদি জানি লওক খোলা আৰু বন্ধ কৰাৰ সময়, সলনি হৈছে বেংকৰ সময়

বেংকত প্ৰয়োজনীয় কাম আছে যদি জানি লওক খোলা আৰু বন্ধ কৰাৰ সময়, সলনি হৈছে বেংকৰ সময়

এছ বি আইৰ প্ৰবন্ধন সঞ্চালক পি কে গুপ্তাই কয় যে আমি দেশজুৰি ৰাজ্য চৰকাৰ আৰু জিলা–স্থানীয় প্ৰশাসনৰ সৈতে আলোচনাৰ পিছত বেংকত কাম–কাজৰ পৃথক সময়সীমা নিৰ্ধাৰণ কৰা হৈছে।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ষ্টেট বেংকসহ কেইবাটাও বেংকৰ কাম–কাজৰ সময় সলনি কৰা হৈছে। এছ বি আইৰ প্ৰবন্ধন সঞ্চালক পি কে গুপ্তাই কয় যে আমি দেশজুৰি ৰাজ্য চৰকাৰ আৰু জিলা–স্থানীয় প্ৰশাসনৰ সৈতে আলোচনাৰ পিছত বেংকত কাম–কাজৰ পৃথক সময়সীমা নিৰ্ধাৰণ কৰা হৈছে।

তেওঁ কয় যে কেইবাখনো ৰাজ্যত আমি শাখা খোলাৰ সময় পুৱা ৭ বজাৰ পৰা ১০ বজালৈ আৰু কিছু ৰাজ্যত পুৱা ৮ বজাৰ পৰা ১১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। কোনো স্থানত ১০ বজাৰ পৰা ২ বজালৈ চলিব বেংকৰ কাম–কাজ। ব্যক্তিগত খণ্ডৰ ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ডে কয় যে ২৩ মাৰ্চৰ পৰা শাখাসমূহ পুৱা ১০ বজাৰ পৰা ২ বজালৈ কাম কৰি আছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ এই ব্যৱস্থা বাহাল থাকিব।

ইন্দোৰত পুৱা ১১ বজাৰ পৰা ২ বজালৈ, দেৰাদুনত পুৱা ৭ বজাৰ পৰা ১০ বজালৈ, ছাহাৰানপুৰত ৮ বজাৰ পৰা ১১ বজালৈ, লুধিয়ানা আৰু জলন্ধৰত ১১ বজাৰ পৰা ২ বজালৈ চলিব বেংকৰ কাম–কাজ। এইচডিএফচি বেংক আৰু য়েছ বেংকেও সময় সলনি কৰি ১০ বজাৰ পৰা ২ বজালৈ কৰিছে। এই ব্যৱস্থা ২৩ৰ পৰা ৩১ মাৰ্চলৈ থাকিব। বেংকে গ্ৰাহকসকলক ডিজিটেল লেনদেনৰ বাবে আহ্বান জনাইছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি